মানকাচৰত কৃত্ৰিম বানত জলমগ্ন চৰকাৰী কাৰ্যালয়-মহাবিদ্যালয়...

মানকাচৰত কৃত্ৰিম বানত জলমগ্ন চৰকাৰী কাৰ্যালয়-মহাবিদ্যালয়...
Published on
Updated on

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ বিগত দুদিন ধৰি হোৱা মষুলধাৰ বৰষুণৰ ফলত মেঘালয়ৰ পৰা নামি অহা গাৰো পাহাৰৰ পানীয়ে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৩০খন গাঁও পঞ্চায়তৰ শতাধিক গাঁৱত কৃত্ৰিম বানৰ সৃষ্টি হয়। ইফালে কৃত্ৰিম বানৰ ফলত জলমগ্ন হয় জিলাৰ সদৰ হাটশিঙিমাৰীত থকা প্ৰায় প্ৰতিখন চৰকাৰী কাৰ্যালয় আৰু মহাবিদ্যালয়।

বিশেষকৈ খাৰুৱাবান্ধা আৰক্ষী চকী, জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, জিলা আয়ুক্তৰ কাৰ্যালয়, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়, জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়াৰ কাৰ্যালয়, মানকাচৰ শিক্ষা খণ্ড বিষয়াৰ কাৰ্যালয় জলমগ্ন হৈ পৰিছে। ইয়াৰোপৰি জিলা জল সিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়, জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়, জিলা উপ আৰক্ষী অধীক্ষকৰ চৰকাৰী আৱাসকে ধৰি প্ৰায় প্ৰতিখন চৰকাৰী কাৰ্যালয় আৰু হাটশিঙিমাৰী মহাবিদ্যালয় সম্পূৰ্ণৰূপে বানপানীৰ কবলত।

ইফালে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত জমা হৈ থকা হাজাৰ হাজাৰ লোকৰ জন্ম-মৃত্যুৰ পঞ্জীয়নৰ নথি পত্ৰসমূহ জলমগ্ন হৈ নষ্ট হৈ পৰে। নিশা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত হঠাতে এইদৰে জলমগ্ন হৈ জন্ম-মৃত্যুৰ পঞ্জীয়নৰ বহু নথি পত্ৰ ইতিমধ্যে নষ্ট হৈ পৰিছে। পুৱাৰ ভাগত কৰ্মচাৰী উপস্থিত হৈ কোনোমতে পানীৰ পৰা নথি-পত্ৰসমূহ উঠাই শুকোৱাৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে। গুৰুত্বপূৰ্ণ এই বিষয়ক লৈ স্বাস্থ্য বিভাগৰ পৰা খাৰুৱাবান্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা হৈছে।

ইফালে হাটশিঙিমাৰী-মানুল্লাপাৰা সংযোগী গড়কপ্তানী পথৰ ওপৰেৰে পানী বাগৰি যোৱাত পথটো কিছু পৰিমানে ক্ষতিসাধন হৈছে। জিলাখনৰ প্ৰায় শতাধিক গাওঁৰ প্ৰতিটো স্থানৰ প্ৰতিটো ঘৰত কৃত্ৰিম বানে জলমগ্ন কৰি ৰখা পৰিলক্ষিত হয়। অৱশ্যে বিয়লি পানী লাহে লাহে শুকাবলৈ আৰম্ভ হৈছে যদিও জিলাৰ সদৰ হাটশিঙিমাৰীৰ কেবাটাও চৰকাৰী কাৰ্যালয়ৰ পৰা পানী ওলোৱাৰ বাবে পৰ্যাপ্ত নলাৰ ব্যৱস্থা নথকাত কাৰ্যালয়সমূহ দীৰ্ঘ সময় জলমগ্ন হৈ থাকিব লাগিব বুলি সচেতন মহলে জানিবলৈ দিছে।

বিষয়টোক লৈ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব জয়ন্ত কুমাৰ শইকীয়া নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত জিলা প্ৰশাসনে বিশেষভাৱে পৰিকল্পনা কৰা পৰিলক্ষিত হোৱা নাই। তদুপৰি পৰ্যাপ্ত পৰিমানে নলা নিৰ্মাণ নকৰাত বৰষুণ হলেও জিলাৰ সদৰৰ একাংশ কাৰ্যালয়ত এইদৰে কৃত্ৰিম বানৰ সৃষ্টি হৈ বহু সময়ধৰি জলমগ্ন হৈ থাকিবলগীয়া হয় ।

লক্ষণীয় যে প্ৰতি বছৰে বাৰিষাৰ সময়ত জিলাৰ সদৰত এইদৰে কৃত্ৰিম বানৰ ফলত একাংশ কাৰ্যালয় বহু দিন ধৰি জলমগ্ন হৈ থাকিব লাগে। অথচ জিলা প্ৰশাসনৰ পৰা পানী ওলাই যোৱাৰ বাবে পৰ্যাপ্ত নলা নিৰ্মাণ কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰে বুলি অভিযোগ উত্থাপন হৈছে।

বিশেষ সুত্ৰে জানিব পৰা মতে, জিলাৰ সদৰৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰাৰ বাবে পঞ্চায়ত আৰু গ্ৰামউন্নয়ন বিভাগৰ পৰা নলা নিৰ্মাণৰ বাবে যোৱা প্ৰায় ২ মাহ পূৰ্বে জিলা প্ৰশাসনক পৰিকল্পনা প্ৰস্তুত কৰি দিয়া হৈছে। কিন্তু জিলা প্ৰশাসনে নিৰ্বাচনৰ দোহাই দি নলা নিৰ্মাণৰ বিষয়টোক গুৰুত্ব নিদিয়াত এইবেলিও জিলাৰ সদৰত কৃত্ৰিম বানৰ সমস্যা সামাধান নোহোৱাত জিলা প্ৰশাসনক বিজ্ঞ মহলে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে।

মানকাচৰত কৃত্ৰিম বানত জলমগ্ন চৰকাৰী কাৰ্যালয়-মহাবিদ্যালয়...
নগাঁৱত বানৰ আশংকাঃ বিপদসীমাৰ মাত্ৰ ১৯ছেণ্টিমিটাৰ তলেৰে বৈছে কপিলী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in