লাহৰীঘাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৪ সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন...

স্মৃতিগ্ৰন্থ 'বৰলুইত' উন্মোচন, সন্ধিয়া আমন্ত্ৰিত শিল্পী সকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৪ সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন...

marigaon

ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ লাহৰীঘাটত শুকুৰবাৰে ৩৪ সংখ্যক মৰিগাঁও জিলা দিৱস লাহৰীঘাটতো এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। লাহৰীঘাটবাসী ৰাইজ আৰু স্থানীয় প্ৰশাসনৰ উদ্যোগত লাহৰীঘাট ব্লক খেলপথাৰত অনুষ্ঠিত জিলা দিৱস উপলক্ষে এখন মুকলি সভা অনুষ্ঠিত হয়।

সভাত বিশিষ্ট অতিথিৰূপে স্থানীয় বিধায়ক ডা০ আছিফ মহম্মদ নাজাৰ,স্থানীয় ৰাজহ চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাচু, নিৰ্দিষ্ট বক্তাৰূপে মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰা,উদ্বোধক হিচাপে সমাজ সেৱক জাবেদ আলী,আমন্ত্ৰিত অতিথিৰূপে লাহৰীঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মণিকা দাস ৰাংহাং,লাহৰীঘাট শিক্ষা খণ্ডৰ শিক্ষা বিষয়া আবুল কাছেম,স্থানীয় চিকিৎসক জিয়াউল হক আৰু সাংবাদিক নজৰুল ইছলাম উপস্থিত থাকে।

উল্লেখযোগ্য যে, মুকলি সভাখৰ শুভাৰম্ভণী কৰে স্থানীয় বিশিষ্ট সমাজ সেৱক জাবেদ আলীয়ে। সভাত স্থানীয় বিধায়ক ডা০ আছিফ মহম্মদ নাজাৰ বিশিষ্ট অতিথিৰূপে দিয়া ভাষণত প্ৰথমে মৰিগাঁৱক মহকুমা আৰু ১৯৮৯ চনৰ ১৪ অক্টোবৰত মৰিগাঁও জিলা হিচাপে স্বীকৃতি পোৱাৰ সন্দৰ্ভত বক্তব্য ৰখাৰ লগতে লাহৰীঘাট সমষ্টিক ভাৰতবৰ্ষৰ ভিতৰতে জাকত জিলিকা কৰি তুলিবলৈ তেওঁ দায়বদ্ধ বুলি আশ্বাস প্ৰদান কৰে।

আনহাতে নিৰ্দিষ্ট বক্তাৰ ভাষণত প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰাই মৰিগাঁও জিলাই জিলা হিচাপে স্বীকৃতি লাভ কৰাৰ সময়ত মৰিগাঁৱবাসীৰ লগতে লাহৰীঘাট অঞ্চলৰ পৰা অৰিহণা যোগোৱা ব্যক্তি সকলৰ নাম স্মৰণ কৰি জিলা দিৱস সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে। একেদৰে সভাত বক্তব্য ৰাখে স্থানীয় চিকিৎসক জিয়াউল হকে।

marigaon
marigaon

অন্যহাতে জিলা দিৱস উপলক্ষে প্ৰকাশ কৰি উলিওৱা 'বৰলুইত' নামৰ স্মৃতিগ্ৰন্থ খন মুকলি সভাতে আনুষ্ঠানিকভাৱে উন্মোচন কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিস শৰ্মাই। শৰ্মাই ভাষণতকৈ কাম কৰিহে বেছি ভাল পোৱা বুলি কয়। লগতে কয় যে, আমি মৰিগাঁও জিলাখনক আমি পিছপৰা জিলা হিচাপে নভাবি আমি সকলোৱে জিলাখনৰ উন্নয়নত আগবাঢ়ি যাব লাগিব ।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে পুৱা মূলদ্বাৰ উন্মোচন কৰে লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাচুয়ে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পন আৰু ৩৪ সংখ্যক জিলা দিৱসৰ উপলক্ষে ৩৪ খন পতাকা স্থানীয় বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা উত্তোলন কৰে। ইয়াৰ পিছতে এটি বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাই।

শোভাযাত্ৰাত অঞ্চলটোৰ বিদ্যালয়-মহাবিদ্যালয় সমূহৰ ছাত্র ছাত্ৰী আৰু স্থানীয় লোকে অংশগ্ৰহণ কৰে। পিছত ছাত্র- ছাত্ৰী সকলৰ মাজত ৰচনা,চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইফালে সন্ধিয়া আমন্ত্ৰিত শিল্পী সকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰে।

marigaon debashis sarma