সাম্প্ৰদায়িক দৃষ্টিভংগীৰে ডিমা হাছাও জিলা বিভক্তীকৰণৰ বিৰোধিতাৰে বিশাল প্ৰতিবাদ

জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

author-image
Asomiya Pratidin
New Update
সাম্প্ৰদায়িক দৃষ্টিভংগীৰে ডিমা হাছাও জিলা বিভক্তীকৰণৰ বিৰোধিতাৰে বিশাল প্ৰতিবাদ

dima hasao dima hasao

ডিজিটেল ডেস্কঃ দুভাগ কৰা হ'ব ডিমা হাছাও জিলা ! ইণ্ডিজিনিয়াছ পীপলছ ফ'ৰাম আৰু ইণ্ডিজিনিয়াছ ষ্টুডেণ্টছ ফ'ৰামে কৰা দাবীৰ বিৰোধিতাৰে ডিমা হাছাওত বহু কেইটা দল, সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে ২০১০ চনৰ ৩০ মাৰ্চত অসম চৰকাৰে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নাম সলনি কৰি ডিমা হাছাও কৰাৰ পিছৰে পৰা ইণ্ডিজিনিয়াছ পীপলছ ফ'ৰাম আৰু ইণ্ডিজিনিয়াছ ষ্টুডেণ্ট ফ'ৰামে জিলাখনক দুভাগ কৰি দুখন পৃথক জিলা গঠনৰ দাবীত আন্দোলন কৰি আহিছে।

এই আন্দোলনৰ মাজতে আকৌ ১১ ছেপ্টেম্বৰ দেওবাৰে ৰাজধানী দিছপুৰত ইণ্ডিজিনিয়াছ পীপলছ ফ’ৰাম আৰু ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ’ৰাম, উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ কৰ্তৃপক্ষ আৰু ডিমা হাছাও জিলা প্ৰশাসনৰ সৈতে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া পৃথক জিলা গঠন কমিটীৰ সৈতে এক বৈঠক সম্পন্ন হৈ যায়।

এই বৈঠকে যেন ডিমা হাছাওত জুই হে জ্বলালে। ১২ ছেপ্টেম্বৰ সোমবাৰে ডিমা হাছাও জিলাৰ কেইবাটাও স্থানত প্ৰতিবাদ সাব্যস্ত কৰে ডিমাছা জনগোষ্ঠীয় দল সংগঠনসমূহে। এই সংগঠনৰ সমূহৰ ভিতৰত আছিল জাদিখে নাইশ হছম, ডিমাছা ষ্টুডেন্টছ ইউনিয়ন, সদৌ ডিমাছা ছাত্ৰ সংস্থা, ডিমাছা মাদাৰছ এছ’চিয়েচন আৰু ডিমা জালাই হছম আদি।

হাফলং পৌৰসভাৰ চৌহদৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী সমদল সমগ্ৰ চহৰ পৰিভ্ৰমণ কৰি হাফলংস্থিত ডিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয়গৈ আৰু জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

মন কৰিবলগীয়া যে এই প্ৰতিবাদকাৰীসকলে আমাকো পৃথক জিলা লাগে বুলি উল্লেখ কৰি কয় যে, সাম্প্ৰদায়িক দৃষ্টি-ভংগীৰে কোনো কাৰণতে ডিমা হাছাও জিলা বিভক্ত কৰা মানি লোৱা নহ'ব। জাদিখে নাইছ হছমৰ সভাপতি কল্যান দাওলাগাপুৱে এই প্ৰতিবাদৰ মাজতে কয় যে, "আমি শান্তি বিচাৰো ৷ পৃথক জিলা গঠনৰ সন্দৰ্ভত তথাকথিত সংগঠন ইণ্ডিজিনিয়াছ পীপলছ ফ’ৰাম আৰু ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ’ৰামে ডিমা হাছাও জিলাত অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে ৷ ৰাজ্য চৰকাৰে এই পৃথক জিলা গঠনৰ সন্দৰ্ভত ইণ্ডিজিনিয়াছ পীপলছ ফ’ৰাম আৰু ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ’ৰামৰ লগত আলোচনা কৰিলে নহ’ব ৷ ডিমা হাছাও জিলাৰ ১১ জাতি জনগোষ্ঠীৰ সামাজিক সংগঠনৰ যৌথ সমন্বয় কমিটি আৰু বিভিন্ন ডিমাছা সংগঠনৰ লগত এই সন্দৰ্ভত চৰকাৰে আলোচনা কৰিব লাগে ৷"

আনহাতে ডিমাছা দল-সংগঠনৰ উপৰিও আন বহু কেইটা দল সংগঠনে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। এই সংগঠনসমূহেও সাম্প্ৰদায়িক দৃষ্টিভংগীৰে জিলাখন বিভক্ত কৰা কাৰ্যক মানি নলয় বুলি হুংকাৰ দিয়ে।

উল্লেখ্য যে. ৰাজ্য চৰাকৰে কেইবাগৰাকীও মন্ত্ৰীক লৈ পৃথক জিলা গঠনৰ বাবে এক কমিটী গঠন কৰি দিছিল। ১১ ছেপ্টেম্বৰ, দেওবাৰে অনুষ্ঠিত হোৱা বৈঠকত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া কমিটিখনে পৃথক জিলা গঠন হ’লে কোন কোন অঞ্চল এই দুই জিলাৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব তাক লৈ অৱসৰপ্ৰাপ্ত এজন বিচাৰপতি আৰু প্ৰশাসনিক বিষয়াৰে এখন কমিটি গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷

assam protest dima hasao