চেলেংহাটত মে ডাম মে ফি উদযাপন

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চেলেংহাট আঞ্চলিকৰ উদ্যোগত শুকুৰবাৰে বিস্তৃত কাৰ্যসূচীৰে মে ডাম মে ফি উদযাপন কৰা হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
চেলেংহাটত মে ডাম মে ফি উদযাপন

চেলেংহাটত মে ডাম মে ফি উদযাপন

ডিজিটেল সংবাদ, মৰিয়নি : সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চেলেংহাট আঞ্চলিকৰ উদ্যোগত শুকুৰবাৰে বিস্তৃত কাৰ্যসূচীৰে মে ডাম মে ফি উদযাপন কৰা হয়। মৰিয়নিৰ চেলেংহাটৰ কঠালবাৰীত পুৱা আটাছুৰ পতাকা উত্তোলনৰ পিছতে পুলিন পুথাওসকলক সুঁৱৰি বানফি পুজা সমাপন কৰা হয়।
ইয়াৰ পিছতে ছাত্ৰ- ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিয়লি আটছাছুৰ যোৰহাট জিলা সমিতিৰ সম্পাদক মন্টু ফুকনে আঁত ধৰা স্মৃতি তৰ্পন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিশিষ্ট সমাজকৰ্মী পৰাগ গগৈ তথা অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সাংবাদিক সীমান্ত প্ৰতিম বৰ্মনকে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
সন্ধিয়া চেলেংহাটৰ ঐতিহাসিক ৰহঢলাস্থিত আহোম ৰজাৰ ডা ডাঙৰীয়া লুকু ডেকাফুকন আৰু নাওবৈছা ফুকনৰ সমাধিস্থলীত বন্তি প্ৰজ্বলন কৰা হয়।
mariyani