ডিজিটেল ডেস্কঃ বিটিআৰ কোকৰাঝাৰ জিলাৰ বগৰীবাৰীৰ ঐতিহাসিক মা মহামায়া মন্দিৰত চাৰিশ বছৰীয়া ৰজাদিনীয়া ৰীতি-নীতিৰে অনুষ্ঠিত দুৰ্গা পূজাত মানুহৰ ব্যাপক সমাগম ঘটিছে৷ মহা অষ্টমীত মা মহামায়া মন্দিৰত ভক্তৰ ভিৰ লাগে৷ লোক প্ৰবাদ মতে, ষোল্লশ শতিকাৰ শেষৰফালে বগৰীবাৰীৰ জমিদাৰ হাতীবৰ চৌধুৰীৰ তত্বাৱধানত মহামায়া মন্দিৰত ৰীতি-নীতিৰে দুৰ্গা পূজা অনুষ্ঠিত হৈছিল।
তেতিয়াৰ পৰাই দেৱীৰ মূৰ্তি অবিহনে পূজা অনুষ্ঠিত হৈ আহিছে৷ মহাষষ্ঠিত দেৱী বোধনৰ মাজেৰে ঘট্ স্থাপন কৰি ষোড় শোপচাৰ পদ্ধতিৰে পূজা আৰম্ভ হয়। পূজাৰ বিশেষত্ব হৈছে প্ৰতিদিন পূজাৰ অঙ্গীয় চণ্ডী পাঠ৷ প্ৰতিদিন এহেজাৰকৈ বিল্বপত্ৰ দান, দুৰ্গামন্ত্ৰ জপ, বটুক পূজা-পাঠ আৰু হোমযজ্ঞ কৰা হয়। দেৱতা পাগল নাথ, পদ্মা, কালী, পঞ্চ দেৱতাৰো পূজা হয়।
পূজাস্থলিত প্ৰতি দিন পদ্মা পুৰাণৰ গীতৰ প্ৰচলন চলে। ষষ্ঠিৰ দিনাৰ পৰা আৰম্ভ হোৱা পূজা সপ্তমীবিহীত পূজা, সন্ধি পূজাৰ জৰিয়তে আষ্টমীবিহীত পূজা অনুষ্ঠিত হয়। প্ৰতিদিন ছাগলী, পাৰ, হাঁহ, মাগুৰ মাছ বলি দিয়া হয়। চাৰিশ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি পালন কৰি অহা পূজাত কাছ বলি দিয়াৰ পৰম্পৰা আছিল যদিও বৰ্তমানে আইনগত কাৰণত কাছ বলি দিয়া নহয়।
প্ৰতিদিন ২ কুইণ্টল চাউলৰ ভোগ দিয়া হয়৷ নতুনকৈ বা কোনো বেলেগ পুৰোহীতে পূজা কৰিব নোৱাৰে। লোকপ্ৰবাদ অনুসৰি চাৰিশ বছৰ পূৰ্বে মা মহামায়াই সপোনত কন্দৰ্প নাৰায়ণ ব্ৰহ্মচাৰীক পূজা অৰ্চনা কৰাৰ বাবে আদেশ দিয়াৰ দিনৰে পৰা তেওঁৰ পৰিয়ালৰ লোকেই কেৱল এই পূজা কৰে৷ যাৰ বাবে ব্যতিক্ৰম এই পূজা দৰ্শন কৰিবলৈ দেশ-বিদেশৰ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে৷