/asomiyapratidin/media/media_files/2025/06/23/gsdgsdfsdf-2025-06-23-18-52-31.jpg)
ডিজিটেল সংবাদ,মায়ংঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে জাগীৰোড সমজিলাৰ ২৮ খন গাওঁ পঞ্চায়তত নতুনকৈ নিৰ্বাচিত হোৱা ৱাৰ্ড সদস্য সকলক মঙলবাৰে শপত বাক্য পাঠ কৰোৱা হয়। লগতে পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়।
উল্লেখযোগ্য যে, মৰিগাঁও জিলাত ৮৫ খন গাওঁ পঞ্চায়ত আছে। তাৰে ভিতৰত জাগীৰোড সম জিলাৰ অধীনত আছে ২৮খন পঞ্চায়ত। মঙলবাৰে জাগীৰোড সম জিলাৰ আয়ুক্ত কাৰ্যালয়,মায়ং উন্নয়ন খণ্ড আৰু মায়ং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ২৮ খন গাওঁ পঞ্চায়তৰ প্ৰতিনিধি সকলে শপত বাক্য পাঠ কৰাৰ পিছতেই সভাপতি আৰু উপ সভাপতি সকলক বাচনি কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us