কুঁৱৰীটোল,হাটবৰ হৈ জখলাবন্ধা নগৰীৰ মাজেৰে চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ দাবী...

কুঁৱৰীটোল,হাটবৰ হৈ জখলাবন্ধা নগৰীৰ মাজেৰে চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ দাবী...

author-image
Asomiya Pratidin
New Update
কুঁৱৰীটোল,হাটবৰ হৈ জখলাবন্ধা নগৰীৰ মাজেৰে চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ দাবী...

ডিজিটেল সংবাদ,কলিয়াবৰঃ অসম সচিবালয় দিছপুৰত শনিবাৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ অধক্ষ্যতাত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাৱী সমিতি, কলিয়াবৰ আৰু National Highway Authority of India (NHAI) ৰ মাজত এখন ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হয়। উক্ত আলোচনাত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাৱী সমিতিৰ তৰফৰ পৰা NHAI কৰ্তৃপক্ষক কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈ উন্নীত হবলগীয়া প্ৰস্তাৱিত চাৰিলেনযুক্ত পথটি কুঁৱৰীটোল, হাটবৰ হৈ জখলাবন্ধা চহৰৰ মাজেৰে নিৰ্মাণ নহলে এই বৃহত্তৰ এলেকাত বসবাস কৰা স্থানীয় ৰাইজৰ হবলগীয়া বিভিন্ন অসুবিধাৰ বিষয়ে বিতংভাৱে অৱগত কৰা হয়।

তদুপৰি কুঁৱৰীটোল, হাটবৰ আৰু জখলাবন্ধা এই তিনিখন সৰু-বৰ টাউনক কেন্দ্ৰ কৰি জীৱন - জীৱিকা চলাই থকা প্ৰায় ২০-২৫ হাজাৰ লোকৰ জীৱনলৈ চৰম ভাবুকিৰ সৃষ্টি হব বুলিও স্পষ্টভাৱে জনোৱা হয়। তদুপৰি বৰ্তমান NHAI য়ে তৈয়াৰ কৰা DPR মতে চিকনী চাহ-বাগিছাৰ কেইবা হেক্টৰ চাহ বাগিছা উচ্ছেদিত কৰিবলগীয়া হব আৰু বৃহৎ পৰিমাণৰ কৃষিভূমিও অনিষ্ট হব তথা সেই পথেৰে নিৰ্মাণকাৰ্য যথেষ্ট ব্যয়বহুল হব বুলিও সবলভাৱে যুক্তি দাঙি ধৰা হয়।

আজিৰ আলোচনাত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাৱী সমিতিয়ে NHAI তথা অসম চৰকাৰক সমগ্ৰ বিষটো পুনৰ বিবেচনা কৰি বৰ্তমান চলি থকা ৰাষ্ট্ৰীয় ঘাইপথটো বাহাল ৰাখিবলৈ দাবী জনায়।আজিৰ আলোচনাৰ সমগ্ৰ বিষয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহন কৰা হব বুলি কেবিনেট মন্ত্ৰী তথা NHAI কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

এই আলোচনাত লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ বিশেষ আয়ুক্ত সচিৱ শ্ৰী ৰাজ চক্ৰৱৰ্তী, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উত্তৰ পূৱৰ আঞ্চলিক সঞ্চালক শ্ৰী এছ. চৌধুৰী, প্ৰকল্প সঞ্চালক শ্ৰী অনন্ত লাল, উপ মহাপ্ৰবন্ধক শ্ৰী এছ.আৰ. ভট্টাচাৰ্য, চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাৱী সমিতিৰ সম্পাদক শ্ৰী প্ৰদীপ লস্কৰ সমন্বিতে দহগৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

কেশৱ মহন্ত