মেঘালয়ত দুই দালালসহ আটক তিনি বাংলাদেশী...

মেঘালয়ত দুই দালালসহ আটক তিনি বাংলাদেশী...
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰ: অবৈধ‌ ভাবে ভাৰতত প্ৰবেশ কৰাৰ অভিযোগত মেঘালয়ত তিনি জন বাংলাদেশীক আটক কৰিছে বিএছ এফে। লগতে দুজন ভাৰতীয় দালালকো আটক কৰে বিএছ এফৰ ১৯৩ নং বেটেলিয়নে।

বিএছ এফৰ মুখ্য কাৰ্যালয় শিলঙৰ এক শীৰ্ষ সূত্ৰই সদৰী কৰা মতে, গোপন তথ্যৰ ভিত্তিত দেওবাৰে বাংলাদেশী কেইজনক পুৱ খাছি পাহাৰ জিলাৰ ডাংগাৰ সীমান্তৰ পৰা আটক কৰা হয়। ধৃত বাংলাদেশী কেইজন‌ বাংলাদেশৰ সুনামগঞ্জ জিলাৰ বাসিন্দা মহিবুৰ ৰেহমান (৩০ বছৰ), কুদুছ মিয়া (২৫ বছৰ), আৰু চিলেট জিলাৰ বাসিন্দা মুবাৰক হোছেইন (১৬ বছৰ)।

গোপন তথ্যৰ ভিত্তিত এখন মাৰুতি অল্টো বাহনত তালাচী চলাই বিএছ এফে দুজন ভাৰতীয় দালাল আৰু বাংলাদেশী নাগৰিক তিনিজনক আটক কৰে। কৰ্ম সংস্হাপনৰ সন্ধানত ভাৰতৰ কাশ্মীৰলৈ যোৱাৰ উদ্দেশ্যেৰে বাংলাদেশী কেইজনে অবৈধভাৱে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিছিল বুলি বিএছ এফৰ জেৰাত স্বীকাৰ কৰিছে আটকাধীন বাংলাদেশী কেইজনে। পিচত ধৃত লোক কেইজনক স্হানীয় ইষ্ট খাছি পাহাৰ জিলাৰ ডাংগাৰ থানাত গতাই দিয়া হয় বুলি সদৰী কৰে বিএছ এফৰ সূত্ৰটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in