মেঘালয়ত ১০জনকৈ বাংলাদেশী নাগাৰিকক আটক আৰক্ষীৰ

মেঘালয়ত ১০জনকৈ বাংলাদেশী নাগাৰিকক আটক আৰক্ষীৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ শুকুৰবাৰে বি এছ এফৰ পৰা পোৱা এক তথ্যৰ ভিত্তিত মেঘালয়ৰ অন্তৰ্গত জিগজেগ থানাৰ আৰক্ষীয়ে ১০জনকৈ বাংলাদেশী নাগাৰিকক আটক কৰে। পুৰাখাছিয়া দিশৰ পৰা এখন অটোৰিক্সাত আহি আছিল বাংলাদেশী কেইজন।

৫০ বেটেলিয়ন বি এছ এফৰ পৰা পোৱা খবৰৰ ভিত্তিত ১০০ বেটেলিয়ন বি এছ এফ আৰু পুৰখাছিয়া থানাৰ আৰক্ষীয়ে ডালু আৰু আম্পতিৰ মাজৰ এছ এইচ-১২ত এটা চেক পোষ্ট স্থাপন কৰে।

ইতিমধ্যে বাংলাদেশী নাগৰিক কেইজন উক্ত অঞ্চলৰ পাৰ হৈ যোৱা বুলি জিগজেগ আৰক্ষীয়ে তথ্য লাভ কৰে। এই তথ্যৰ ভিত্তিতে বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় জিগজেগ আৰক্ষী। জানিব পৰা মতে, আটকাধীন লোক কেইজনক আদালতত হাজিৰ কৰোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in