ডিজিটেল ডেস্কঃ মেঘালয়ত পৰ্যটক কঢ়িয়াই নিয়া অসমৰ পঞ্জীয়ণকৃত যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰাৰ ফলত সৃষ্টি হোৱা জটিলতা আজিও সমাধান হোৱা নাই। চুবুৰীয়া ৰাজ্যখনলৈ দৈনিক পৰ্যটক কঢ়িয়াই নিয়া অসমৰ যান-বাহন চলাচল কৰাত কেইবাটাও স্থানীয় সংগঠন আৰু মেঘালয় টেক্সী এচোছিয়েশ্যনে এই নিষেধাজ্ঞা জাৰি কৰাৰ পাছত এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হৈছে পৰ্যটক সকল।
পৰ্যটনেই মেঘালয়ৰ ৰাজহ সংগ্ৰহৰ অন্যতম উতস হোৱাৰ হেতু ৰাজ্যখনৰ হোটেল আৰু অন্যান্য বেপাৰ বাণিজ্যতো ইয়াৰ প্ৰভাৱ পৰিছে। এই বিষয়তো অতি স্পৰ্শকাতৰ যদিও বৰ্তমানলৈকে ইয়াৰ সমাধানৰ হেতু কোনো পদক্ষেপ লোৱা নাই দুই ৰাজ্য চৰকাৰে।
অসমৰ টেক্সী চালকসকলেও মেঘালয়ৰ টেক্সী অসমত প্ৰৱেশ কৰাত বাধা আৰোপ কৰাত বিষয়টোৱে জটিলৰ পৰা জটিল ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। অসমৰ মুখ্যমন্ত্ৰীক ইতিমধ্যে এই সমস্যা সমাধানৰ বাবে সদৌ অসম নিবনুৱা সংস্থাই এক স্মাৰক পত্ৰত দাখিল কৰিছে।
মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি বিষয়তো সমাধানৰ বাবে উদ্যোগ লবলৈ আহ্বান জনাইছে সদৌ অসম নিবনুৱা সংস্থাৰ সভাপতি ধৰ্মেন্দ্ৰ দেউৰী আৰু সম্পাদক জীৱন ৰাজখোঁৱাই। তেওঁলোকে কয় যে, ৰাজ্যখনৰ পৰ্যটনৰ সৈতে অসমৰ ৪০হাজাৰ নিবনুৱা যুৱক পৰোক্ষ প্ৰত্যক্ষভাৱে জড়িত।
সেয়েহে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে উদ্যোগ লৈ আলোচনাৰ মাজেৰে বিষয়টো সমাধান কৰিব লাগে। উল্লেখযোগ্য যে, মেঘালয়ত অল খাচী মেঘালয় টুৰিষ্ট টেক্সী এচোছিয়েশ্যনে ৰাজ্যখনত পৰ্যটন মন্ত্ৰী পল লিংডোক সাক্ষাত কৰি পৰ্যটক কঢ়িয়াই নিয়া আন ৰাজ্যৰ টেক্সী চলাচলত বাধা দিবলৈ আহ্বান জনাইছিল।
মেঘালয় চৰকাৰে আনুষ্ঠানিকভাৱে এনে নীতি-নিৰ্দেশনা প্ৰদান কৰা নাছিল যদিও পৰৱৰ্তী সময়ত অসমৰ টেক্সী সমূহৰ চলাচলত স্থানীয় দল-সংগঠনে বাধা আৰোপ কৰাত মেঘালয়লৈ অসমৰ পৰা পৰ্যটন কঢ়িয়াই নিয়া টেক্সী চলাচল বন্ধ হৈ আছে।
সংগঠনটোৰ মতে, মেঘালয়ত ৫,১২০খন পঞ্জীয়ণকৃত টেক্সী আছে। কিন্তু ইয়াৰে ৪,০১০খনেই দৈনিক কোনো ভাড়া নাপায়। অথচ ৰাজ্যখনত দৈনিক ৩৫৪৩খন টেক্সী চলাচল কৰে। সেই টেক্সীসমূহৰ ভিতৰত ২, ৪৩৭খনেই বাহিৰৰ। এই যুক্তিতেই স্থানীয় টেক্সী চালকসকলৰ সংস্থাপন আৰু ভাড়া নিশ্চিত কৰাৰ দাবীত বহিঃৰাজ্যৰ টেক্সী চলাচল বন্ধ কৰিবলৈ দাবী তুলিছিল মেঘালয়ৰ টেক্সীচালকসকলে।