লাম্পীত অসম চৰকাৰৰ উন্নয়নমূলক কামত মেঘালয়ৰ বাধা প্ৰদান...

উক্ত স্থানত বিৰোধীয়ে শ্ৰমিকৰ বাবে সজা অস্থায়ী গৃহও ভাঙি দিয়ে। এই ঘটনাৰ পাছতে এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। পিছত ঘটনাস্থলীত বকো-ছয়গাঁও সমজিলাৰ দণ্ডাধীশ ৰবেন দেউৰী উপস্থিত হয়।

New Update
1

ডিজিটেল সংবাদ,কামৰূপঃ  অসম-মেঘালয় সীমান্তৱৰ্তী কামৰূপৰ লাম্পীত সীমা কেন্দ্ৰীক বিবাদৰ বাবে অসম চৰকাৰৰ উন্নয়নমূলক কামত মেঘালয়ে বাধা প্ৰদান কৰিছে। দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কালৰ্ভাট সজাত বাধা দিয়াৰ চেষ্টা কৰে মেঘালয়ৰ সমৰ্থক আৰু মেঘালয় আৰক্ষীয়ে।

উক্ত স্থানত বিৰোধীয়ে শ্ৰমিকৰ বাবে সজা অস্থায়ী গৃহও ভাঙি দিয়ে। এই ঘটনাৰ পাছতে এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। পিছত ঘটনাস্থলীত বকো-ছয়গাঁও সমজিলাৰ দণ্ডাধীশ ৰবেন দেউৰী উপস্থিত হয়।

দণ্ডাধীশৰ লগতে ঘটনাস্থলীত কামৰূপ জিলা আৰক্ষী, জিলা প্ৰশাসনৰ বহুকেইজন লোক উপস্থিত হৈ আলোচনাৰ অন্তত সাময়িকভাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে জিলা প্ৰশাসনে।

মেঘালয়