এনে চাউল খাব পাৰিনে! মেৰাপানীত চৰকাৰী চাউলত ওলাইছে শিল...

এনে চাউল খাব পাৰিনে! মেৰাপানীত চৰকাৰী চাউলত ওলাইছে শিল...
Published on
Updated on

ডিজিটেল সংবাদ, মেৰাপানীঃ এইবাৰ চাউলৰ বস্তাত শিল নহয়, যেন শিলৰ বস্তাতহে চাউল মিহলাই দৰিদ্ৰ হিতাধিকাৰীক খুওৱাৰ ফন্দি পাতিছে ৰাজ্যৰ যোগান বিভাগে। আপুনি যদি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মূল্যৰ চাউল খাই, তেন্তে খোৱাৰ আগত দহবাৰ ভাৱক। ন'হলে আপোনাৰ দাঁতকেইটাৰ লগতে সমগ্ৰ পাচনতন্ত্ৰ নষ্ট হোৱাটো একপ্ৰকাৰ খাটাং। কিয়নো ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ বস্তাত ওলাইছে কেজিয়ে কেজিয়ে শিল।

মেৰাপানীৰ দৈয়াং গাঁও পঞ্চায়তৰ এলেকাৰ দৈয়াং সমবায় সমিতিলৈ ভাৰতীয় খাদ্য নিগমে চলিত মাহত প্ৰেৰণ কৰা চাউলৰ বস্তা সমূহ খুলি এতিয়া হতভম্ব হৈ পৰিছে সমবায় সমিতিখনৰ কৰ্মকৰ্তাসকল। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত প্ৰেৰণ কৰা চাউলৰ বস্তাসমূহৰ অধিকাংশ বস্তাতেই প্ৰচুৰ পৰিমাণে মিহলি হৈ আহিছে শিলৰ টুকুৰা আৰু ধূলি বালি।

এনে লেতেৰা তথা খাদ্যৰ অনোপযোগী চাউল প্ৰত্যক্ষ কৰি সমবায় সমিতিখনৰ অধিকাংশ এজেন্টেই এইপৰ্য্যন্ত হিতাধিকাৰীৰ মাজত বিনামূলীয়া চাউল বিতৰণ কৰিবলৈ সাহস গোটাব পৰা নাই। ইফালে সমবায় সমিতিখনৰ সম্পাদকজনে অভিযোগ কৰা অনুসৰি, প্ৰতি মাহতেই সমিতিখনলৈ এনে লেতেৰা শিলমিহলি চাউল যোগান ধৰি আহিছে ভাৰতীয় খাদ্য নিগমে।

সম্প্ৰতি সমবায় সমিতিৰ কৰ্তৃপক্ষই চাউলসমূহ পৰিষ্কাৰ কৰি এজেন্টেৰ মাজত বিতৰণ কৰাৰ যো-জা চলাইছে। অন্যহাতে একাংশ এজেন্টে অভিযোগ কৰা মতে, সমবায় সমিতিখনৰ সম্পাদক অনিল দুংদুঙে শিল মিহলি হৈ অহাৰ অজুহাততে প্ৰতি গৰাকী এজেন্টেক প্ৰতিমাহতে ৬০ কিলোগ্ৰামকৈ চাউল কমকৈ যোগান ধৰি আহিছে। যাৰ বাবে হিতাধিকাৰীক চৰকাৰে নিৰ্ধাৰণ কৰা নিৰিখত চাউল যোগান ধৰিব পৰা নাই এজেন্টসকলে। যিকি নহওক, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ এনে অস্বাস্থ্যকৰ চাউল যোগানে এতিয়া বিপাঙত পেলাইছে অঞ্চলটোৰ দৰিদ্ৰ হিতাধিকাৰীসকলক।

এনে চাউল খাব পাৰিনে! মেৰাপানীত চৰকাৰী চাউলত ওলাইছে শিল...
চুমিৰ নাই সন্ধান, স্বপ্ননীলৰ কোটিটকীয়া অফিচ ছীল কৰিলে আৰক্ষীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in