সাৱধানঃ প্ৰৱল বৃষ্টিপাতৰ ফলত গুৱাহাটীত আকৌ হ'ব কৃত্ৰিম বান!

সাৱধানঃ প্ৰৱল বৃষ্টিপাতৰ ফলত গুৱাহাটীত আকৌ হ'ব কৃত্ৰিম বান!
Published on
Updated on

ডিজিটেল ডেস্কঃ সাৱধান হৈ থাকক গুৱাহাটীবাসী। কিয়নো শেহতীয়াকৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে যে, আগন্তুক ২৪ঘন্টাৰ ভিতৰত গুৱাহাটীত হ’ব পাৰে প্ৰৱল বৃষ্টিপাত।

দেওবাৰে পুৱা ৮.৩০বজা পৰ্যন্ত গুৱাহাটীৰ ভিন্ন স্থানত ৭ৰ পৰা ১১ছেন্টিমিটাৰৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইফালে গুৱাহাটীবাসীক সৰ্তক আৰু সাৱধান হৈ থাকিবলৈ যৌথভাৱে জাননী প্ৰকাশ কৰিছে ভাৰত চৰকাৰৰ ভূবিজ্ঞান মন্ত্ৰণালয়, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

সৰ্তকতা জাননীখনত উল্লেখ কৰা হৈছে যে, প্ৰৱল বৃষ্টিপাতৰ বাবে দিছপুৰ, সোণাপুৰ ৰাজহচক্ৰৰ বহু এলেকা পানীৰে উপচি কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে এনে অঞ্চলত সকলো নাগৰিকক সৰ্তক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ।  

সাৱধানঃ প্ৰৱল বৃষ্টিপাতৰ ফলত গুৱাহাটীত আকৌ হ'ব কৃত্ৰিম বান!
নাৰায়ণপুৰৰ অশোক গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে জ্ঞানদ্বীপ ফুকনে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in