Advertisment

টাই ভাষা একাডেমী ভৱন উদ্বোধন মন্ত্ৰী যোগেন মহনৰ

ডিব্ৰুগড় জিলাৰ টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ  টেঙাখাত তামুলিখাতত অৱস্থিত লাঙী গদাপানী ক্ষেত্ৰত  অসম চৰকাৰৰ অধীনস্থ  টাই আহোম উন্নয়ন পৰিষদৰ পূঁজিৰ  ৪৫ লাখ  টকাৰে নিৰ্মাণ কৰা টাই ভাষা একাডেমী ভৱনটি বুধবাৰে উদ্বোধন কৰা হয়।

author-image
Asomiya Pratidin
New Update
উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী যোগন মহন

ডিজিটেল সংবাদ, টেঙাখাত : ডিব্ৰুগড় জিলাৰ টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ  টেঙাখাত তামুলিখাতত অৱস্থিত লাঙী গদাপানী ক্ষেত্ৰত  অসম চৰকাৰৰ অধীনস্থ  টাই আহোম উন্নয়ন পৰিষদৰ পূঁজিৰ  ৪৫ লাখ  টকাৰে নিৰ্মাণ কৰা টাই ভাষা একাডেমী ভৱনটি বুধবাৰে উদ্বোধন কৰা হয়।  দিনৰ প্ৰায় ১২-০০ বজাত অসম চৰকাৰৰ ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহনে উদ্বোধন কৰে।

Advertisment

উক্ত অনুষ্ঠানত উপস্থিত থাকে- প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমান ৰাজ্য সভাৰ সাংসদ ৰামেশ্বৰ তেলী,  টাই উন্নয়ন পৰিষদৰ  অধ্যক্ষ ময়ুৰ বৰগোহাঁই,  উপাধ্যক্ষ নৰেন চাংমাই, বৈকুণ্ঠ গগৈ, দুলিয়াজান সমজিলাৰ আয়ুক্ত অসীম বৰগোহাঁই, টেঙাখাত ৰাজহ চক্ৰ বিষয়া কুলভূষণ পেগু, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ আদি বিশিষ্ট বিষয়া  তথা নেতাসকল।

আটাইকেইগৰাকী অভ্যাগতৰ উপস্থিতত বন্তি জ্বলাই, সমচ্ছৰে পৰিবেশন কৰা টাই ভাষাৰ প্ৰাাৰ্থনা (আই চেং লাউ ) তথা আয়তিৰ উৰুলিৰ মাজত আনুষ্ঠানিকভাৱে ফিটা কাটি উদ্বোধন কৰে । উক্ত অনুষ্ঠানত ডিব্ৰুগড় জিলা আৰু  টেঙাখাত আঞ্চলিকৰ  টাই আহোম যুৱ পৰিষদ, টাই সাহিত্য সভা ,আহোম সভা  , টেঙাখাত আঞ্চলিক মে  নাং ৰাই ম্যুং ডুন চুন  খাম আদি টাই সংগঠনৰ বহু  নেতা - নেত্ৰী তথা কৰ্মী সাংস্কৃতিক কৰ্মীকে কৰি একাংশ শুভাকাংক্ষী  ৰাইজে  অংশগ্ৰহণ কৰে ।

আনহাতে উক্ত অনুষ্ঠানৰে বিশেষ সভাত যুৱতী কিশোৰী  শিশু আদিৰ  অংশগ্ৰহণেৰে টাই  ভাষাত ৰান্ধনিক জোকাই পৰিবেশন কৰা   " ৰাগ চাংমাই "  নৃত্য পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰা পৰিলক্ষিত হয়  ।

যোগেন মহন