বৰাক উপত্যকাৰ মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ...

বৰাক উপত্যকাৰ মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ...

author-image
Asomiya Pratidin
New Update
বৰাক উপত্যকাৰ মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ...

ডিজিটেল সংবাদ, হাইলাকান্দিঃ  যোৱা বানপানীত বৰাক উপত্যকাৰ তিনি জিলাৰ ছিগা মথাউৰিসমূহ পৰিদৰ্শনৰ বাবে শুকুৰবাৰে বৰাক উপত্যকাত উপস্থিত হয় ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা । বৰাক উপত্যকাত উপস্থিত হৈ প্ৰথমতে কাছাৰ জিলাৰ টুকৰগাওত বৰাক নদীৰ ছিগা মথাউৰি পৰিদৰ্শন কৰি উপস্থিত হয় হাইলাকান্দিত।

হাইলাকান্দিত কাটাখাল নৈ'ৰ দুই মথাউৰি ক্ৰমে তছলা আৰু আংকাই লংকাই পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। যোৱা কেইদিন মান আগতে এই  দুই মথাউৰি বিভিন্ন ঠাইত ছিগি হাইলাকান্দি জিলা প্লাবিত কৰিছিলে।

ইপিনে, পৰিদৰ্শনৰ পিছত সংবাদ মাধ্যমৰ আগতে মন্তব্য আগবঢ়াই মন্ত্ৰী হাজৰিকাই কয়, তেওঁ দ্বিতীয় বাৰৰ বাবে বৰাকৰ ছিগা মথাউৰিৰ নিৰ্মাণ কাম পৰিদৰ্শন কৰিছে। আৰু মথাউৰি নিৰ্মাণ কাৰ্যত জিও টিউব ব্যবহাৰ কৰা হোৱা নাই বুলি মন্তব্য কৰে ।

সেই কাৰণে তেওঁ বিভাগীয় কতৃপক্ষক জিও টিউব ব্যবহাৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। লগতে তেওঁ কয়, এই মথাউৰিসমূহ যথেষ্ট পুৰণি হৈ পৰিছে। বাৰ বাৰ ভঙা ঠাই পুনৰ ৰ্নিৰ্মাণৰ পৰিবৰ্তে গোটেই মথাউৰিবোৰ পুন নিৰ্মাণৰ প্ৰয়োজনীয়তা আহি পৰিছে। কিন্তু এই নিৰ্চমাণ কাৰ্য চৰকাৰৰ পুঁজি সাপেক্ষে কৰা হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই।

Also Read: নলবাৰীত চাঞ্চল্য: ব্যৱসায়ীক গুলীয়াই পাঁচ লক্ষাধিক টকা লুট দুর্বৃত্তৰ

pijush hazarika