ডিজিটেল সংবাদ ঢকুৱাখনা: মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত ২১ নং পূব ঢকুৱাখনা-মাতমৰা পৰিষদীয় সমষ্টিত সোমবাৰে অনুষ্ঠিত কৰা হয় পৰিষদীয় গাঁওসভা। পুৱ ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত কে কে ডি মহাবিদ্যালয় প্ৰাংগণত পঞ্চায়তখনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ কুটুমৰ সভাপতিত্বত অনুষ্ঠিত হয় উক্ত গাঁওসভা ।
পুৱ ঢকুৱাখনা মাতমৰা পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সমষ্টিটোৰ বিশিষ্ট নাগৰিক বিষ্ঠুনাথ দলে, সৰ্বেশ্বৰ দলে, মিচিং জাতীয় ছাত্ৰ সংগঠন টাকাম মিচিং পৰিন কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববিয়া ক্ষীৰোদ পেগু,প্ৰাক্তন সদস্য জ্যোতিষ পেগু , ঢকুৱাখনা জিলা সমিতিৰ সভাপতি বৃগেন দলে, মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সুৰেশ দলে,মলেশ দলে, প্ৰাক্তন সদস্য লক্ষ্যনাথ দলে,জিলা সম্পাদক মোহন পেগু, আঞ্চলিক নেতৃবৰ্গ,সন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক হিৰণ্য দত্ত, ৰাজু খনিকৰ, ৬ টা মিচিং জাতীয় সংগঠনৰ জিলা আৰু আঞ্চলিক পৰ্যায়ৰ নেতৃত্ব আৰু গৰিষ্ঠ সংখ্যক জনগোষ্ঠীয় ৰাইজ উপস্থিতি থাকে।
গাঁও সভাত ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰিপূৰক দাবী আৰু ২০২৩ - ২০২৪ বিত্তীয় বৰ্ষৰ আচঁনিসমূহ সৰ্বসন্মতি ক্ৰমে গ্ৰহণ কৰা হয়। পৰিষদৰ আঁচনি ৰূপায়ন আৰু জীৱন জীৱিকা মূলক আঁচনি ৰূপায়ণৰ বেলিকা সকলো পক্ষই সজাগ আৰু সচেতনতাৰে মনোনিবেশ কৰি এখন প্ৰগতিশীল সমাজ গঠনৰ অংশীদাৰ হ'বলৈ পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে আহ্বান জনাই ।