ডিজিটেল সংবাদ, শিলচৰ: চুবুৰীয়া ৰাজ্য মিজোৰামত বুজন পৰিমাণৰ ম্যানমাৰৰ মুদ্ৰা জব্দ কৰা হৈছে। মিজোৰামৰ ভাৰত- ম্যানমাৰ সীমান্তৰ চাম্পাই জিলাৰ পৰা ম্যানমাৰৰ এই মুদ্ৰাসমূহ জব্দ কৰে অসম ৰাইফলছ আৰু মিজো আৰক্ষীয়ে।
গোপন তথ্যৰ ভিত্তিত চাম্পাই জিলাৰ মুয়ালকাৱিত দুখন বাহনত তালাচী চলাই মুঠ ২.২৫ কোটি মূল্যৰ ম্যানমাৰৰ মুদ্ৰা ক্যায়াট জব্দ কৰিছে অভিযানকাৰী দলটোৱে। অবৈধভাৱে সৰবৰাহৰ অভিযোগত বিদেশী টকাখিনি জব্দ কৰা হয় বুলি জানিবলৈ দিছে অভিযানকাৰী দলটোৱে। জব্দ কৰা ম্যানমাৰৰ মুদ্ৰাখিনিৰ ভাৰতীয় মুদ্ৰা হিচাপত প্ৰায় ৯৩.১০ লাখ টকা।
অবৈধভাৱে বিদেশী মুদ্ৰা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ৬জন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত সৰবৰাহকাৰী কেইজন মিজোৰামৰ আইজল, লুংলেই আৰু চাম্পাইৰ বাসিন্দা বুলি সদৰী কৰিছে আৰক্ষীয়ে। তেওঁলোকে ব্যৱহাৰ কৰা চাৰিচকীয়া বাহন দুখনো জব্দ কৰা হৈছে।