নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ নিৰাপদ কৰিড'ৰত পৰিণত হৈছে মিজোৰাম

নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ নিৰাপদ কৰিড'ৰত পৰিণত হৈছে মিজোৰাম
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰ: নিচা জাতীয় সামগ্ৰী সৰবৰাহৰ নিৰাপদ কৰিড'ৰত পৰিণত হোৱা চুবুৰীয়া ৰাজ্য মিজোৰামত বুজণ পৰিমাণৰ মেথামফেটামাইন জব্দ কৰা হৈছে। গোপন তথ্যৰ ভিত্তিত ছাকাৰ্টুই চহুন অঞ্চলৰ লুংভেৰহত অভিযান চলাই মিজোৰামৰ চিআইডিয়ে জব্দ কৰে নিচা জাতীয় সামগ্ৰীখিনি।

আৰক্ষীৰ দলটোৱে এখন ব'লেৰো বাহনত তালাচী চলাই ৪১.২৩৪ কিলোগ্ৰাম সন্দেহযুক্ত মেথামফেটামাইন জব্দ কৰে। জব্দ কৰা নিচা জাতীয় সামগ্ৰীখিনিৰ মুল্য প্ৰায় ৫ কোটি,৩৬ লাখ টকা ( ৫,৩৬,০৪,২০০) বুলি জানিব পৰা গৈছে। নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এজন ম্যানমাৰৰ নাগৰিক সহ ৫জন লোকক গ্ৰেপ্তাৰ কৰিছে।

ধৃত ব্যক্তি কেইজন ম্যানমাৰৰ ৰিহখোৱাদাৰৰ এডেনথাৰা (২৭) মিজোৰাম চম্পাই জিলাৰ হ্ৰুৱাকাউনৰ ৰোছাৰলিয়ানা (৩৮), খুয়াংলেঙৰ ভানলালভুংগা (৪৭) কৰিমগঞ্জ জিলাৰ ৰূপৰগুলৰ নাছিৰ উদ্দিন (৩৪) আৰু উত্তৰ ত্ৰিপুৰাৰ জিলাৰ বাঘানৰ আনুৰুল হক (৩৭) বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। এই সংক্ৰান্তত স্পেছিয়েল নাৰ্কোটিকছ থানাত এন ডি এণ্ড পি এছ আইনৰ ২২(গ)/২৫/২৯(১) ধাৰাৰ অধীনত ৩৫/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ নিৰাপদ কৰিড'ৰত পৰিণত হৈছে মিজোৰাম
বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে সৰব অস্থায়ী শ্ৰমিক সংগঠন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in