পুনৰ বিপদত ভিক্টৰ দাসৰ ! প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বিধায়কে তুলিলে নিলম্বনৰ দাবী...

টেট শিক্ষক হৈ কিদৰে ভিক্টৰ কিদৰে টিউটৰ হ'ব পাৰে বুলি প্ৰশ্ন সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ...

author-image
Asomiya Pratidin
New Update
সুদীৰ্ঘ ৭ দিন পানবজাৰ আৰক্ষীৰ জিম্মাৰ পাছত আজি মুক্তি লাভ ভিক্টৰ দাসৰ...

victor das

ডিজিটেল ডেস্কঃ এতিয়াও শেষ হোৱা নাই ভিক্টৰ দাসৰ প্ৰসংগ। অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত দালালৰ দপদপনিৰ অভিযোগ কৰি বিপদত পৰা ভিক্টৰ দাসে জামিন লাভ কৰিলেও তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা বিদ্যালয়ত অনিয়মীয়া উপস্থিতৰ বিষয়টোক লৈ এতিয়া পুনৰ সৰৱ হৈছে চৰকাৰী পক্ষ।

ভিক্টৰ দাসৰ প্ৰসংগৰে ৰাজ্য় তোলপাৰ হৈ থকাৰ সময়ত এই বিষয়ত নীৰৱ হৈ থকা পূৱ গুৱাহাটী সমষ্টিৰ বিজেপি বিধায়ক তথা প্ৰাক্তন শিক্ষা বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ভিক্টৰ দাসৰ প্ৰসংগত এতিয়া কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মতে ভিক্টৰ দাসক অতি শীঘ্ৰেই নিলম্বন কৰিব লাগে।

সিদ্ধাৰ্থ ভট্টাচাৰ্যই ভিক্টৰ দাস এগৰাকী টেট শিক্ষক বুলি মিডিয়াই হাইলট নকৰা বুলি উল্লেখ কৰি কয়, আপোনালোকে এটা কথা কিয় হাইলাইট কৰা নাই মই বুজি পোৱা নাই। ভিক্টৰ দাস এজন টেট শিক্ষক। এজন টেট শিক্ষক হৈ তেওঁ কিদৰে টিউটৰ হ'ব পাৰে?

উল্লেখ্য যে ২০২১ ত প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰা ভিক্টৰ দাসে বিদ্যালয়ত অনিয়মীয়াকৈ উপস্থিত থাকে বুলি একাংশ অভিভাৱকে মুকলিকৈ অভিযোগ কৰাৰ বিপৰীতে আন গৰিষ্ঠ সংখ্যক অভিভাৱকেই আকৌ ভক্টৰ দাসৰ সপক্ষে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল।

আনহাতে ভিক্টৰ দাসৰ আছে নিজা কোচিং চেণ্টাৰ। সেই অনুসৰি একাংশই অভিযোগ কৰিছে যে বিদ্যালয়ত পাঠদানৰ বিপৰীতে ভিক্টৰ দাসে নিজৰ কোচিং চেণ্টাৰত হে ব্যস্ত থাকে। তেওঁ শিক্ষাৰ্থীক পাঠদান কৰাৰ বিপৰীতে কোচিং চেণ্টাৰৰ শিক্ষাৰ্থীৰ লগতে অধিক সময় পাৰ কৰে। অৱশ্যে একাংশৰ এনে অভিযোগৰ বিপৰীতে আন একাংসই আকৌ ভিক্টৰ দাসৰ সপক্ষে মতামত আগবঢ়াইছে।

victor das sidhartha bhattacharya