ডিজিটেল সংবাদ নাহৰকটীয়াঃ অসত্য বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে অসমৰ এটা ব্যক্তিগত চেটেলাইট চেনেলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে। উল্লেখ্য যে ৰাজ্যৰ এটা ব্যক্তিগত চেটেলাইট চেনেলে যোৱা ১৮ অক্টোবৰত নাহৰকটীয়াৰ চাচনীৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়খনৰ দুৰৱস্থাৰ বাতৰি সম্প্ৰচাৰ কৰিছিল।
সংবাদ প্ৰতিষ্ঠানটোৱে সেই বাতৰিত উল্লেখ কৰিছিল বিধায়ক তৰংগ গগৈৰ সমৰ্থকে ৪০ লাখ টকা আত্মসাৎ কৰা বুলি। এই বাতৰি সম্পূৰ্ণ ভুৱা আৰু উদ্দেশ্য প্ৰণোদিত বুলি আজি বিধায়ক তৰংগ গগৈয়ে নাহৰকটীয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে।
বিধায়ক গগৈয়ে সংবাদ প্ৰতিষ্ঠানটোৰ সম্পাদক, পৰিচালন সঞ্চালক আৰু বাতৰি যোগাধন ধৰা সংশ্লিষ্ট সংবাদ দাতাগৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছে এই গোচৰ। ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত স্পষ্টকৰি কয় যে, চাচনীৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়খনলৈ কোনো পুঁজি যোগান ধৰা হোৱা নাই।