ডিজিটেল ডেস্কঃ জি-৭ সন্মিলনত ভাগ লৈ পুনৰ দেশলৈ উভতিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ইটালী আয়োজিত জি-৭ বৈঠকত ভাগ লৈছিল মোডীয়ে। বৈঠক সমাপ্ত হোৱাৰ পাছতে এইবাৰ সামাজিক মাধ্যমত চৰ্চিত হৈছে অন্য এটা বিষয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিৰ এটা ৰীলছ শেহতীয়াকৈ ভাইৰেল হৈছে সামাজিক মাধ্যমত। জৰ্জিয়া মেলোনিয়ে টুইটাৰ আৰু ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এই ৰীলছ ভিডিঅটো। ৰীলছ ভিডিঅটোৰ কেপচনত ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে হেজটেগত লিখিলে #melodi বুলি।
Hi friends, from #Melodi pic.twitter.com/OslCnWlB86
— Giorgia Meloni (@GiorgiaMeloni) June 15, 2024
উল্লেখ কৰা প্ৰয়োজন যে, জি-৭ বৈঠকৰ পাছতে ইটালীৰ প্ৰধানমন্ত্ৰী মেলোনিয়ে এই ভিডিঅটো শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত। ভিডিঅ'টোত কেপচনত লিখা হৈছে- সকলোকে মেলডী টীমৰ পৰা নমস্কাৰ আৰু সম্ভাষণ। উল্লেখ কৰা প্ৰয়োজন যে, এই জি- ৭ বৈঠকত দেশৰ কেইবাখনো উন্নত তথা শক্তিশালী দেশৰ প্ৰতিনিধিসকলে অংশ লৈছিল।