-
অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আজি দ্বিতীয়টো দিন।
-
পুৱাই কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
-
পৃথিৱীৰাজ নামৰ হাতীৰ পিঠিত উঠি কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ।
-
হাতী চাফাৰীৰ পিছত জীপ চাফাৰীও কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
-
ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকী উৰা মাৰিব অৰুণাচললৈ।
-
অৰুণাচলত কেইবাটাও প্ৰকল্প শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
-
৮০০কোটি টকাৰে নিৰ্মিত চেলা সুৰংগ পথ উদ্বোধন কৰিব নৰেন্দ্ৰ মোডীয়ে।
-
ইয়াৰ পিছতে ১২.৫বজাত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী।
-
১২.৫বজাত হোলোঙাপাৰ অস্থালীয় হেলিপেডত নামিব তেওঁ।
-
তাৰ পিছতে ১২.১৫ৰ পৰা ১২.২৫বজাৰ ভিতৰত উদ্বোধন কৰিব মহাবীৰ লাচিত বৰফুকনৰ ১২৫ফুট উচ্চতাৰ বিশাল প্ৰতিমূৰ্তি।
-
তাৰ পিছতে ১২.৩০বজাত মেলেং মেটেলীৰ সভাস্থলীলৈ যাব তেওঁ।
-
তাতো কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰাৰ পাছত ২বজাত অসম এৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
'পৃথিৱীৰাজ'ৰ পিঠিত উঠি কাজিৰঙা চালে প্ৰধানমন্ত্ৰীয়ে...
'পৃথিৱীৰাজ'ৰ পিঠিত উঠি কাজিৰঙা চালে প্ৰধানমন্ত্ৰীয়ে...
New Update