মাজনিশা বাৰনাসী ৰেল ষ্টেচনত উপস্থিত প্ৰধানমন্ত্ৰী…

মাজনিশা বাৰনাসী ৰেল ষ্টেচনত উপস্থিত প্ৰধানমন্ত্ৰী…

author-image
asomiyapratidin
New Update
মাজনিশা বাৰনাসী ৰেল ষ্টেচনত উপস্থিত প্ৰধানমন্ত্ৰী…

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশ বিধানসভাৰ সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰে বাৰনাসীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।শুকুৰবাৰে দিনযোৰা কাৰ্যক্ৰমৰ পাছত মোডীয়ে কঠোৰ সুৰক্ষাৰ মাজত মাজ নিশা উপস্থিত হয় বাৰনাসী ৰেলৱে ষ্টেচনত।

মোডীয়ে বাৰনাসীৰ কৈন্ট ৰেলৱে ষ্টেচন নিৰীক্ষণ কৰে আৰু ষ্টেচনত উপস্থিত থকা কৰ্মচাৰী তথা বিভিন্ন লোকৰ লগত কথা পাতে। তাৰপাছত মোডীয়ে বাৰনাসীৰ খিড়কীয়া ঘাটলৈ যায় আৰু বহু সময় তাত থাকি সৌন্দৰ্য উপভোগ কৰে। উল্লেখ্য যে, এই ঘাটত বহু সময়ত পৰ্যটকে ভিৰ কৰে।

ইয়াৰ পূৰ্বে মোডীয়ে সন্ধিয়া বাৰনাসীৰ এখন বিখ্যাত চাহৰ দোকানত চাহ খাই স্থানীয় লোকৰ লগত কথা পাতে। বাৰনাসীৰ চাহৰ দোকান সমূহ ৰাজনীতি আৰু বিভিন্ন চৰ্চাৰ বাবে জনাজাত। মোডীয়ে কাশী বিশ্বনাথ মন্দিৰৰ দৰ্শন লগতে পূজাও কৰে। এই সময়চোৱাত মোডীয়ে ডমৰু বজোৱাও পৰিলক্ষিত হয়। মোডীৰ এই ফটো সমূহ ছ'চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে ৭ মাৰ্চত উত্তৰ প্ৰদেশত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত ৫৪ খন আসনৰ বাবে হ'ব নিৰ্বাচন। সেয়ে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত প্ৰতিটো ৰাজনৈতিক দল উঠি পৰি লাগিছে নিৰ্বাচনী প্ৰচাৰৰ বাবে।

narendra modi uttar pradesh viral video