শ্ৰীনগৰৰ পৰা দেশবাসীক যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোডীৰ...

শ্ৰীনগৰৰ পৰা দেশবাসীক যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোডীৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ আজি বিশ্বৰ ১৭৭খন দেশে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিছে। দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত অনুষ্ঠিত যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। শ্ৰীনগৰৰস্থিত শ্বেৰ-এ-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত যোগাভ্যাস কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

শ্ৰীনগৰৰ SKICC হলত যোগৰ কাৰ্যসূচীৰ নেতৃত্ব লয় প্ৰধানমন্ত্ৰীয়ে। ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "আমি শ্ৰীনগৰত এই শক্তি অনুভৱ কৰিব পাৰো, যিটো আমি যোগৰ পৰা লাভ কৰো। মই দেশৰ জনতা আৰু বিশ্বৰ প্ৰতিটো কোণত যোগ কৰা লোকসকলক যোগ দিৱসৰ শুভকামনা জ্ঞাপন কৰিছো।’’

শ্ৰীনগৰৰ পৰা দেশবাসীক যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোডীৰ...
তামুলপুৰৰ যোগ দিৱস কাৰ্যসূচীত বিধায়ক জলেন দৈমাৰীৰ অংশগ্ৰহণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in