আচৰিত নহ'বঃ ভংগ হ'ব পাৰে মোডী চৰকাৰ!

আচৰিত নহ'বঃ ভংগ হ'ব পাৰে মোডী চৰকাৰ!

Published on

ডিজিটেল ডেস্কঃ ভংগ হ’ব পাৰে মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ। আচৰিত যেন লাগিলেও ইতিহাসে এটা কথা কয় যে, ৰাজনীতিত সকলো সম্ভৱ। গতিকে অসম্ভৱ যেন লাগিলেও বহুকেইটা কাৰকে ৰাজনৈতিক বিশ্লেষকসকলৰ মনত এই প্ৰশ্নই দোলা দিছে।

অহা ২৪জুনৰ পৰা লোকসভাৰ অধিৱেশন। এই অধিৱেশনৰ পূৰ্বে এন ডি এই বাচনি কৰিব লাগিব এগৰাকী অধ্যক্ষক। কিন্তু কোন দলৰ পৰা হব অষ্টাদশ লোকসভাৰ অধ্যক্ষ? ইয়াক লৈ জল্পনা কল্পনাৰ লগতে এন ডি এৰ দলসমূহৰ মাজতো চৰ্চা চলা দেখা গৈছে।

এন ডি এত বিজেপি অন্যতম সহযোগী দল টি ডি পিয়ে বিচাৰিছে এই অধ্যক্ষৰ আসনখন। ইতিমধ্যে দলটোৰ বহুকেইজন নেতাই মুকলিকৈ এই কথা প্ৰকাশো কৰিছে। কিন্তু বিজেপিয়ে বিচাৰিছে যে, অধ্যক্ষৰ আসনখন তেওঁলোকৰ হাততেই থাকক। ইফালে মন্ত্ৰীত্বৰ তালিকাত বিশেষ কোনো নেতাই স্থান নোপোৱা জে ডি ইউ দলেও নতুনকৈ কোনো উপহাৰ পোৱাৰ আশাত বন্দী হৈ আছে। ইফালে চিৰাগ পাছোৱান নেতৃত্বাধীন ৫জন সাংসদ থকা দলটোৱেও নিশ্চিত ভাৱে কিছু আশা কৰিবই।

গতিকে সকলোফালৰ পৰা মিলাই চালে অধ্যক্ষৰ আসনখনক লৈও এন ডি এৰ মাজত মতানৈক্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা নথকা নহয়। ইফালে এইবাৰৰ মিলিজুলি চৰকাৰখনত টি ডি পি বা জে ডি ইউ দলৰ সাংসদে কিছু ইফাল-সিফাল কৰিলেই ভংগ হব পাৰে চৰকাৰ। গতিকে লোকসভাত এই প্ৰতিপত্তি বজাই ৰাখিবলৈ বিজেপিয়ে অধ্যক্ষৰ আসনখনক কাকোৱেই এৰি দিব খোজা নাই।

আগন্তুক সময়ত এন ডি এৰ চৰকাৰৰ মাজত বিভাজন আনিব পৰা আন এটা অন্যতম বিষয়ো আছে। এন ডি এৰ অন্যতম সহযোগী দল জে ডি ইউয়ে ইউ চি জিক সমৰ্থন কৰে যদিও তাত আছে কেইবাটাও চৰ্ত। যিকেইটা চৰ্তৰ বিৰোধিতা কৰে বিজেপিয়ে। নিৰ্বাচনৰ আগত বিজেপিয়ে দেশত ইউ চি জি প্ৰযোজ্য কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি থৈছে। যদিহে এনে কৰিবলৈ হয়, তেন্তে জে ডি ইউৰ সৈতে সংঘাত হোৱাটো একপ্ৰকাৰৰ নিশ্চিত। নিজৰ স্বাৰ্থ তথা কথা নৰখিলে নীতিশ কুমাৰৰ জে ডি ইউয়ে অন্য চিন্তা কৰিবলৈ হয়তো বেছিপৰ নালাগিব। জাতিগত জনগণনা এই বিষয়টোৱে এটা সময়ত যে জে ডি ইউ আৰু বিজেপিৰ সম্পৰ্কট ফাঁট নেমেলাব তাক অস্বীকাৰ কৰিব নোৱাৰি।

ইফালে এন ডি এত বিজেপিৰ দলৰ পাছতে বেছি সাংসদ থকা দলটো হৈছে টি ডি পি। এন ডি এত টিডিপিৰ আছে ১৬গৰাকীকৈ সাংসদ। টি ডি পিয়ে সমৰ্থন কৰে মুছলমান সংৰক্ষণ আইন। কিন্তু বিজেপিয়ে ইয়াৰ ঘোৰ বিৰোধিতা কৰে। এই বিষয়টোক লৈও দুয়োটা দলৰ মাজত সৃষ্টি হ’ব পাৰে মতানৈক্যৰ।

উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰৰ এন ডি এত ২৯২গৰাকী সাংসদৰ ভিতৰত প্ৰথম তিনিটা দল হৈছে- ১৬গৰাকী টি ডি পি , জে ডি ইউৰ ১২গৰাকী আৰু চিৰাগ পাছোৱান দলৰ ৫গৰাকী সাংসদ। এই দলকেইটা মিলাই মুঠ সাংসদ হয় ৩৩গৰাকী। গতিকে এনেবোৰ কাৰনত যদি অসন্তুষ্ট হৈ এই দল তিনিটাই অন্য চিন্তা কৰে তেন্তে মোডী চৰকাৰ ভংগ হলেও আচৰিত হবলগীয়া একো নাথাকিব।

আচৰিত নহ'বঃ ভংগ হ'ব পাৰে মোডী চৰকাৰ!
চিৰাঙত অঘটনঃ জোঁৱায়েকৰ আক্ৰমণত নিহত শহুৰ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in