ভয়ংকৰ ঘটনাঃ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণ...

ভয়ংকৰ ঘটনাঃ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণ...
Published on
Updated on

ডিজিটেল ডেস্কঃ অশান্তজৰ্জৰ মণিপুৰত পুনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এইবাৰ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কনভয়ত চলিল সন্ত্ৰাসবাদীৰ আক্ৰমণ। প্ৰাপ্ত খবৰ অনুসৰি, ইম্ফলৰ জিৰিবাম পথত সংঘটিত হৈছে এই ঘটনা। ৩৭নম ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা কটলেন নামৰ এখন গাঁৱত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

পুৱা প্ৰায় ১০বজাতে সংঘটিত হোৱা এই আক্ৰমণৰ ঘটনাৰ পাছতে উক্ত স্থানত অৰ্ধসামৰিক বাহিনীৰ জোৱানক নিয়োগ কৰা হৈছে। বৰ্তমানো উক্ত অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।

সন্দেহযুক্ত উগ্ৰপন্থীয়ে চলোৱা এই আক্ৰমণত মৈবাংথেম আজেশ নামৰ এগৰাকী আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হৈছে। বৰ্তমান চিকিৎসাধীন হৈ থকা জোৱানজনৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। উক্ত স্থানত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in