অশান্ত মণিপুৰঃ পৰিবহন মন্ত্ৰীৰ ঘৰত শক্তিশালী বোমা বিস্ফোৰণ...

অশান্ত মণিপুৰঃ পৰিবহন মন্ত্ৰীৰ ঘৰত শক্তিশালী বোমা বিস্ফোৰণ...
Published on
Updated on

ডিজিটেল ডেস্কঃ পুনৰ অধিক অশান্ত হৈ পৰিছে মণিপুৰ। এইবাৰ মণিপুৰৰ পৰিবহন তথা পশুপালন বিভাগৰ মন্ত্ৰীৰ বাসভৱনত শক্তিশালী বোমা বিস্ফোৰণৰ খবৰ আহিছে। প্ৰাপ্ত খবৰ অনুসৰি, মন্ত্ৰী খাছীম ভাচুমৰ উখৰুল জিলাৰ হামলেইখংস্থিত বাসভৱনত বিস্ফোৰণ হোৱাৰ সময়ত সৌভাগ্যক্ৰমে ঘৰত নাছিল মন্ত্ৰীগৰাকী। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।

উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ অণিপুৰৰ পৰিস্থিতি অধিক অৱনিত ঘটিছে। ১০ ছেপ্টেম্বৰৰ বিয়লি ৩ বজাৰ পৰা ১৫ ছেপ্টেম্বৰলৈ কাৰ্যকৰী হোৱাকৈ ইণ্টাৰনেট কৰ্তন কৰাৰ নিৰ্দেশ এন বীৰেন সিং নেতৃত্বাধীন চৰকাৰখনৰ। ৰাজ্যখনত ইণ্টাৰনেট কৰ্তন কৰাৰ দৰে অগণতান্ত্ৰিক সিদ্ধান্ত কোনো নতুন কথা নহয়।

ইয়াৰ পূৰ্বে ইতিমধ্যে মুঠ ৩,০৫০ ঘণ্টা একেৰাহে ইণ্টাৰনেট কৰ্তন কৰা হৈছে এই ক্ষুদ্ৰ ৰাজ্যখনত। বিভিন্ন দল, সংগঠনে এনে সিদ্ধান্তৰ বিৰোধিতা কৰিছে যদিও তালৈ কোনো ভ্ৰুক্ষেপ নাই চৰকাৰৰ।

যোৱা ১০ টা দিনত মণিপুৰত মুঠ ১০ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত আছে এজন প্ৰাক্তন সেনা জোৱানো। এই সেনা জোৱানজনক ইম্ফলৰ কাষৰ চেকমা নামৰ এখন সৰু চহৰত হত্যা কৰা হৈছে। ৫ জনক হত্যা কৰা হৈছে অসম-মণিপুৰ সীমান্তৰ জিৰিবাম অঞ্চলত। এই সমগ্ৰ হিংসাত্মক ঘটনা এইবাৰ আৰম্ভণি হৈছিল যোৱা ১ ছেপ্টেম্বৰৰ পৰা।

অশান্ত মণিপুৰঃ পৰিবহন মন্ত্ৰীৰ ঘৰত শক্তিশালী বোমা বিস্ফোৰণ...
মণিপুৰ বহুদূৰ ! ক'ত ৰাছিয়া, ইউক্ৰেইনলৈ যোৱা শান্তিৰ দূত ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in