হেৰৌ অসমীয়া ! ক'লৈ পলাব এতিয়া ?

হেৰৌ অসমীয়া ! ক'লৈ পলাব এতিয়া ?

author-image
Asomiya Pratidin
New Update
হেৰৌ অসমীয়া ! ক'লৈ পলাব এতিয়া ?

সামাজিক মাধ্যমত এটা লেখা ভাইৰেল হৈছে। তিব্বতীসকলৰ প্ৰসংগ টানি আনি কৰ্ম বিমুখ অসমীয়াক লৈ ভ্ৰূকুটি কৰা হৈছে লেখাটোত। ধৰ্ম-উৎসৱ- পাৰ্বনত ব্যস্ত হৈ থাকোতে তিব্বতীসকলৰ কি অৱস্থা হ'ল সেই কথা ইয়াত বৰ্ণনা কৰা হৈছে। আচলতে কৰ্মই ধৰ্ম। এই কথা অসমীয়াসকলে পাহৰি পেলাইছে। গুৰুত্বপূৰ্ণ লেখাটোৰ প্ৰাসংগিকতা উপলব্ধি কৰি লেখাটো অসমীয়া প্ৰতিদিন ডিজিটেলৰ 'মোৰ মত' শিতানত প্ৰকাশ কৰা হৈছে। লেখাটো লেখক, বিশিষ্ট শংকৰী সাহিত্য গৱেষক প্ৰভাত চন্দ্ৰ দাসৰ...

তিব্বত এখন নিষিদ্ধ দেশ । চীনৰ বাহিৰে আন দেশৰ নাগৰিকৰ বাবে তিব্বত ভ্ৰমণ সহজ নহয়। দেশখনৰ জনসাধাৰণ শান্তিপ্ৰিয় আৰু ধৰ্ম পৰায়ণ। নিৰলে থাকি ধ্যান উপাসনাত তেঁওলোকে অতি প্ৰাধান্য দিয়ে। বছৰৰ আঠ মাহেই বৰফেৰে ঢাক খাই থাকে।

সমুদ্ৰ পৃষ্ঠৰপৰা ১৬০০ ফুট উচ্চতাত অৱস্থিত হোৱা বাবে দেশখনৰ প্ৰাকৃতিক সৌন্দৰ্য মনোমোহা। বৌদ্ধ ধৰ্মৰ দেশ হোৱা বাবে এফালে জনজীৱন শান্ত সমাহিত আৰু আনফালে উৎসৱ প্ৰিয়। দেশৰ ধৰ্মগুৰুৰ নাম লামা।

তিব্বতীসকল ইমানেই উৎসৱ বলীয়া যে প্ৰতিদিনেই কিবা নহয় কিবা এটা উৎসৱ পালন কৰেই। কিছুমান উৎসৱ মাহ-দিন পৰ্যন্ত পালন কৰা হয়। বছৰৰ বাৰ মাহেই ধৰ্মীয় উৎসৱ পাৰ্বণত ব্যস্ত থাকিবলগীয়া হোৱাত শিক্ষা, স্বাস্থ্য, কৃষি, ব্যৱসায়-বাণিজ্য আদি বিষয়ত মনোযোগ দিবলৈ মুঠেই সময় নাপাইছিল বা গুৰুত্ব দিয়া নাছিল।

কিন্তু জীয়াই থাকিবলৈ খাব লাগিব, তাৰ বাবে খেতি কৰি তিব্বতীসকলক খুৱাবলৈ চীনৰ মানুহ আহিল, ব্যৱসায়-বাণিজ্য চলাবলৈ চীনৰ মানুহ হোৰে হোৰে সোমাল। দেশখনত শিক্ষাৰ প্ৰচলনৰ বাবে চীনৰ মানুহ আহিল, নিৰ্মাণৰ কাম কৰিবলৈ চীনৰ বনুৱা কৰ্মচাৰীৰ অনুপ্ৰৱেশ ঘটিল।

তিব্বতৰ স্থায়ী বাসিন্দা বৌদ্ধসকল বাৰমাহেই ব্যস্ত থাকে উৎসৱ পাৰ্বণত। তাৰেই সুৰুঙা লৈ চীনাসকলে তিব্বতৰ শিক্ষা, স্বাস্থ্য, ব্যৱসায়, কৃষি কৰ্ম, প্ৰশাসন, আৰক্ষী বিভাগ সকলো নিজৰ হাতলৈ লৈ যায়। লাহে লাহে তিব্বতত চীনৰ জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। তাৰ লগে লগে তিব্বতীসকলৰ ওপৰত চীনাসকলৰ অত্যাচাৰ আৰম্ভ হ'ল।

এদিন তিব্বতীসকলৰ স্বাধীনতা হৰণ কৰি তিব্বতক চীন প্ৰশাসনে নিজৰ ৰাজনৈতিক সীমাৰ অধীন কৰি ল'লে আৰু আজি তিব্বত চীনৰ তলতীয়া ঠিক হংকঙৰ দৰে দেশ। চীনালোকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ১৯৫০ চনত দলৈ লামাই ডেৰলাখ শিষ্যৰ সৈতে ভাৰতত প্ৰৱেশ কৰে আৰু ভাৰত চৰকাৰেও তেওঁলোকক শৰণাৰ্থী হিচাপে আশ্ৰয় দিয়ে। তাৰে কিছু নেপাল আৰু কিছু ভূটানত প্ৰৱেশ কৰে। ভাৰতে তিব্বতীসকলক আশ্ৰয় দিয়াৰ পোতক তুলিবলৈ চীনে ১৯৬২ চনত ভাৰত আক্ৰমণ কৰে।

অসমীয়াসকলেও বাৰ মাহত তেৰটা উৎসৱ -পাৰ্বণ , নানান পূজা - পাতল , নাচ - গান, ভাওনাৰ উপৰি সম্প্ৰতি পানী মেটেকাৰ দৰে বৃদ্ধি পোৱা ভাগৱত পাঠ আৰু ব্যাখ্যা , পালনাম, বৰসবাহ, বিহু আদিয়ে অসমীয়া মানুহক এলেহুৱা , নিষ্কৰ্মা , সোৰোপা কৰি তুলিছে।

পুহৰ আধাৰ পৰা মাঘৰ শেষলৈ ভোগালী বিহু, ফাগুণত দৌল আৰু শিৱৰাত্ৰী , চ'তৰপৰা আৰম্ভ মাহদিনীয়া বিহুৰ কৰ্মশালা, গৰু বিহুৰ দিনাৰপৰা আহাৰ মাহলৈ ৰঙালী বিহু, শাওণত বিহাৰীৰ ষঠ পূজাক অসমীয়াই আপোন কৰি লোৱা উৎসৱ, ভাদৰ মাহত নামঘৰে নামঘৰে নাম কীৰ্তন, তাৰ পাছতে বিশ্বকৰ্মা পূজাৰে আৰম্ভ হোৱা বিভিন্ন পূজা যেনে দুৰ্গা পূজা,কালীপূজা, দেৱালী, ৰাস উৎসৱ আৰম্ভ হ'লেই নহয়। ৰাস এদিনতে শেষ নহয় , মাহ দুমাহলৈ ৰাস মহোৎসৱ, ৰাসৰ ভাওনা আৰু যে কিমান কি আছে! মুঠতে অসমীয়াই পূজা উৎসৱ পাৰ্বণত মতলীয়া হৈ থাকোতে বিদেশী বহিৰাগতই অসমীয়াৰ সকলো কাঢ়ি ল'লে।

অসমত বিদেশী, বহিৰাগতৰ সংখ্যা বাঢ়িল। সেয়ে আৰম্ভ হৈছে বহিৰাগত বণিয়াৰ অসমীয়াৰ ওপৰত মাৰধৰ, অত্যাচাৰ। অতি কম দিনৰ ভিতৰতে বহিৰাগতৰ ভয় আৰু অতাচাৰত তিষ্ঠিব নোৱাৰি তিব্বতীসকলৰ দৰে অসমীয়াই ঘৰবাৰী এৰি পলাব লাগিব। পিছে অসমীয়াক আশ্ৰয় দিব কোনে ? তেতিয়া হেৰৌ অসমীয়া, পলাব ক'লৈ ?

Also Read: এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ...

Mor mot