মুখ্যমন্ত্ৰী ডেছবোৰ্ডত ষষ্ঠ স্থানলৈ উন্নীত মৰিগাঁও জিলা...

মুখ্যমন্ত্ৰী ডেছবোৰ্ডত ষষ্ঠ স্থানলৈ উন্নীত মৰিগাঁও জিলা...
Published on
Updated on

ডিজিটেল সংবাদ, জাগীৰোড: মুখ্যমন্ত্ৰী ডেছবোৰ্ডত ষষ্ঠ স্থানলৈ উন্নীত হৈ ৰাজ্যৰ ভিতৰতে অন্যতম সফল জিলা (Achiever District) হোৱাৰ গৌৰৱ অৰ্জন কৰিলে মৰিগাঁও জিলাই। গুৱাহাটীত অনুষ্ঠিত জিলা আয়ুক্তসকলৰ সন্মিলনত এই বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। ৰাজ্যৰ মুঠ ৩৫ খন জিলাৰ তালিকাত মৰিগাঁও জিলাই পূৰ্বৰ ২৩ সংখ্যক স্থানৰ পৰা শীৰ্ষৰ ১০ খন জিলাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। স্বাভাৱিকতেই জিলাখনে অৰ্জন কৰা এই সাফল্যত মৰিগাঁও জিলাবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে।

উল্লেখ্য যে জিলাসমূহৰ প্ৰদৰ্শন আৰু পাৰদৰ্শিতা নিৰূপণ কৰাৰ লগতে পৰস্পৰৰ মাজত এটা সুস্থ প্ৰতিযোগিতাৰ পৰিৱেশ গঢ় দিয়া আৰু ৰাইজৰ বাবে আগবঢ়োৱা সেৱাৰ মান উন্নত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডেছবোৰ্ডত ১৬ টা বিভিন্ন বিভাগৰ সেৱা আৰু কাম-কাজৰ মূল্যায়ন কৰা হয়। বিভাগসমূহ হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বিদ্যালয় শিক্ষা, কৃষি, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিকল্পনা, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৰিবহণ, তথ্য-প্ৰযুক্তি, আবকাৰী, বিত্ত, মীন, ভূমি সংৰক্ষণ, চিকিৎসা শিক্ষা আৰু গৱেষণা আৰু মহিলা আৰু শিশু বিকাশ বিভাগ।

৪০ টা বিভিন্ন পৰিমাপক (Indicator) ৰ কাম-কাজৰ ওপৰত মূল্যায়ন কৰি মুখ্যমন্ত্ৰী ডেছবোৰ্ডত জিলাসমূহৰ স্থান নিৰূপণ কৰা হৈছে। তাৰ ভিতৰত সেৱা সেতু আৰু সকলো ই-জিলা সেৱা, মিছন বসুন্ধৰা, শিশুৰ টীকাকৰণ, চিকিৎসালয়ত প্ৰসৱ, প্ৰসূতিৰ মৃত্যুৰ হাৰ, মহিলা উদ্যমিতা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, ধান ক্ৰয়, জল জীৱন অভিযান, আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ, পৰিবহণ বিভাগৰ ৰাজহ সংগ্ৰহ, পি এম কিষাণ, শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি আদি অন্যতম।

এইবাৰ কেইবাটাও পৰিমাপকৰ ক্ষেত্ৰত মৰিগাঁও জিলাই সাফল্য অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। মৰিগাঁও জিলাই ৭২.০৯ স্কোৰ লাভ কৰি ষষ্ঠ স্থান অধিকাৰ কৰিছে। স্বাভাৱিকতেই জিলাখনৰ এই সাফল্যই আগন্তুক দিনত মৰিগাঁও জিলাৰ ৰাইজে উৎকৃষ্ট সেৱা লাভ কৰাটো সুনিশ্চিত কৰিব। লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলাসমূহক ৰাজ্যৰ উন্নয়নী যাত্ৰাৰ আধাৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাৰ দিশত মৰিগাঁও জিলাই নিজৰ শ্ৰেষ্ঠ বৰঙণি আগবঢ়াব পাৰিব বুলি আশা কৰা হৈছে। ২৩ সংখ্যক স্থানৰ পৰা ষষ্ঠ স্থানলৈ উন্নীত হোৱাৰ এই যাত্ৰাত মৰিগাঁও জিলাৰ গতিশীল আৰু সবল নেতৃত্বৰ জিলা প্ৰশাসন আৰু প্ৰতিটো বিভাগক উচ্চ প্ৰশংসা কৰিছে সচেতন মহলে।

মুখ্যমন্ত্ৰী ডেছবোৰ্ডত ষষ্ঠ স্থানলৈ উন্নীত মৰিগাঁও জিলা...
আপুনিও যাব পাৰেঃ ফ্ৰীতে থাকিব পাৰিব ৰজাৰ দৰে ৰাজপ্ৰসাদত!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in