ডিজিটেল সংবাদ, মায়ং : মৰিগাঁও জিলা কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত বুঢ়া মায়ং আৰু ঢেকিয়াবাৰী গঞাঁৰ আতিথ্যত আয়োজন কৰিবলৈ লোৱা হৈছে কাৰ্বি সাংস্কৃতিক সমাৰোহৰ। উদ্যোক্তাই জনোৱা অনুসৰি এই সমাৰোহখনি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব।
অহা ২৩ আৰু ২৪ নবেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহাসিক বুঢ়া মায়ঙত কাৰ্বি সাংস্কৃতিক সমাৰোহখনি অনুষ্ঠিত হ'ব। এই উপলক্ষে দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সমাৰোহৰ লাইখুটা স্থাপন কৰা হয়।
মৰিগাঁও জিলা কাৰ্বি সাংস্কৃতিক সমাজৰ উপদেষ্টা দ্বিপন কাঠাৰে শতাধিক লোকৰ উপস্থিতিত লাইখুটা স্থাপন কৰে।