নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে কঠোৰ মৰিগাঁৱৰ ৰাইজঃ কবৰ স্থান নিদিয়াৰ সিদ্ধান্ত

নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে কঠোৰ মৰিগাঁৱৰ ৰাইজঃ কবৰ স্থান নিদিয়াৰ সিদ্ধান্ত

author-image
Asomiya Pratidin
New Update
নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে কঠোৰ মৰিগাঁৱৰ ৰাইজঃ কবৰ স্থান নিদিয়াৰ সিদ্ধান্ত

ডিজিটেল সংবাদ,মৰিগাঁওঃ বৰবিহ ড্ৰাগছ সমাজত মেলি বহু উঠি অহা প্ৰজন্মক অন্ধকাৰলৈ ঠেলি দিছে মৰিগাঁৱৰ এটা কুখ্যাত ড্ৰাগছ মাফিয়া টুটো ওৰফে ৰেছিমউদ্দীন আহমেদে। তেওঁৰ পৰিয়ালক ৰাইজ তথা মছজিদ কমিটিয়ে এঘৰীয়া কৰাৰ সিদ্ধান্ত লৈছে। তদুপৰি টুটু নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীজন আৰু পৰিয়ালক কবৰস্থান নিদিয়াৰ সিদ্ধান্তও ঘোষণা কৰিছে ৰাইজে।

উল্লেখ্য যে মৰিগাঁও আৰক্ষী প্ৰশাসনৰ ভূমিকাত অসন্তুষ্ট ৰাইজে অৱশেষত নিজেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। কিছুদিন পূৰ্বে তেওঁলোকে মৰিগাঁও সদৰ আৰক্ষী থানাটো ধৰ্ণা দি টুটুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছিল।

এই টুটু নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোৱে গাঁৱৰ ৰাইজৰ সন্মুখত নিজকে মৰিগাঁও আৰক্ষীৰ উৰ্ধতন মহলৰ খাছ মানুহ বুলি দাবী কৰি ফুৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। ইয়াৰোপৰি আৰক্ষীয়ে টুটুৰ ক্ষেত্ৰত নিৰব ভূমিকা গ্ৰহণ কৰা বুলিও কয় ৰাইজে।

Also Read: মহিলা চিকিৎসকৰ হত্যাকাৰীক ফাঁচিৰ দাবীৰে চেইণ্ট থমাছ স্কুলৰ শিক্ষাৰ্থীৰ বন্তি প্ৰজ্বলন

morigaon