ভাল খবৰ ! মাত্ৰ ছটা দিনতে ঘাট-মাউৰা হোৱা ৰুচেমুংৰ সমগ্ৰ দায়িত্ব ল’ব অসম চৰকাৰে….

ভাল খবৰ ! মাত্ৰ ছটা দিনতে ঘাট-মাউৰা হোৱা ৰুচেমুংৰ সমগ্ৰ দায়িত্ব ল’ব অসম চৰকাৰে….

author-image
asomiyapratidin
New Update
ভাল খবৰ ! মাত্ৰ ছটা দিনতে  ঘাট-মাউৰা হোৱা ৰুচেমুংৰ সমগ্ৰ দায়িত্ব ল’ব অসম চৰকাৰে….

ডিজিটেল সংবাদ মৰিয়নিঃ মৰিয়নিৰ নকছাৰীৰ সদ্য প্ৰয়াত বিশিষ্ট নাট্যকাৰ,পৰিচালক, গৱেষক তথা প্ৰাক্তন আছু নেতা ড° জিনতু হাজৰীকাই মৃত্যুক আকোৱালী লোৱাৰ ছটা দিনৰ পাছতে শিক্ষয়িত্ৰী পত্নীৰো অকাল বিয়োগ হোৱা ঘটনাই শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ অঞ্চলটোক। উল্লেখ যে, দুটা বছৰ ধৰি স্নায়ুজনিত দুৰাৰোগ্য মটৰ নিউৰু ৰোগত আক্ৰান্ত হৈ শৰ্য্যাগত হৈ থাকি যোৱা ২৩ জানুৱাৰী নিশা ড° জিনতু হাজৰীকাই মৃত্যুক আকোঁৱালী লোৱা পাছত দেওবাৰে বিয়লি তেখেতৰ পত্নী মৌচুমী গগৈ হাজৰীকাইও অকাল মৃত্যুক সাৱটিব লগা কৰুণ ঘটনাই নকছাৰি-মৰিয়নিত গভীৰ শোকৰ ছাঁ পেলাইছে।

পূব নকছাৰি হাইস্কুলৰ এগৰাকী ঠিকাভিত্তিক শিক্ষয়িত্ৰীৰূপে কৰ্মৰত মৌচুমী গগৈ হাজৰীকা হৃদৰোগত আক্ৰান্ত আছিল।শুকুৰবাৰে নিশা তেখেতৰ স্থাস্থ্য দ্ৰুত অৱনতি ঘটাত প্ৰথমে নকছাৰি ম'ডেল চিকিৎসালয়ত ভৰ্তি কৰাই যদিও পাছত নিশাই যোৰহাট মিছন চিকিৎসালয়ত ভৰ্তী কৰোৱা হয়।কিন্তু ৰবিবাৰে বিয়লি প্ৰায় দুই বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৌচুমী গগৈ শিক্ষয়িত্ৰী হোৱাৰ লগতে এগৰাকী সুকন্ঠি গায়িকাও আছিল ।

ড° জিনতু হাজৰীকাৰ প্ৰায় প্ৰতিখন নাটত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই স্বামীক প্ৰেৰণা যোগাইছিল পত্নী মৌচুমীয়ে।ড° জিনতু হাজৰীকা আৰু মৌচুমী গগৈ হাজৰীকাৰ যুগ্ম জীৱনৰ সাক্ষী হৈ ৰোৱা একমাত্ৰ পুত্ৰ ৰুচেমুং হাজৰীকা মানসিক প্ৰতিবন্ধকতা থকা এটি শিশু। পিতৃ-মাতৃহীণ অবুজ শিশুটিৰ মুখলৈ চাই মৌচুমী গগৈ  হাজৰীকাক শেষ বিদায় জনাবলৈ যোৱা প্ৰতিজন লোকৰে চকু সেমেকি উঠে।আনহাতে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে প্ৰয়াত মৌচুমী গগৈৰ শেষ কৃত্যত ভাগ লৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে প্ৰয়াত হাজৰীকা দম্পতিৰ সন্তান ৰুচেমুং হাজৰীকাৰ বিষয়ে অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰাত কণমানিটিৰ দায়িত্ব অসম চৰকাৰে ল'ব বুলি প্ৰকাশ কৰে।

শিক্ষয়িত্ৰী মৌচুমী গগৈ হাজৰিকাৰ অকাল মৃত্যুত সাংসদ তপন কুমাৰ গগৈ,শিক্ষা বিষয়া কমলজ্যোতি গগৈৰ লগতে অঞ্চলটোৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনাইছে।