বটীয়ামাৰীৰ ভাইটিকা উৎসৱত সাংসদ গৌৰৱ গগৈ

আই-মাতৃ সমাজৰ পৰা পবিত্ৰ ভাইটিকা লাভ কৰি আনন্দিত হৈছোঁ : গৌৰৱ গগৈ

author-image
Asomiya Pratidin
New Update
বটীয়ামাৰীৰ ভাইটিকা উৎসৱত সাংসদ গৌৰৱ গগৈ

ডিজিটেল সংবাদ, বিহালী : দেওবাৰে বিহালী উপ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীৰ মাজতে বটীয়ামাৰী গাঁৱৰ নাম-কীৰ্ত্তণ গৃহত সাংসদ গৌৰৱ গগৈয়ে গোৰ্খা জনগোষ্ঠীয় লোকসকলৰ ভাতৃ দ্বিতীয়া তিথি তথা উৎসৱত অংশ গ্ৰহণ কৰে ৷ অঞ্চলটোৰ আই-মাতৃ সমাজে সাংসদ গৌৰৱ গগৈক গোৰ্খা ৰীতি-নীতি পালনৰে ভাইটিকা লগাই দি কুশল-মংগল কামনা কৰে ৷

গোৰ্খা সংস্কৃতিৰ দেউচি-ভইলিৰ গীতৰ তালে-তালে নৃত্য পৰিৱেশন কৰে সাংসদ গৌৰৱ গগৈয়ে ৷ সাংসদ গৌৰৱ গগৈয়ে ভাইটিকা লৈ উপস্থিত ৰাইজক উদেশ্যেি কয় যে , বিহালীৰ বটীয়ামাৰী বাসী আই-মাতৃৰ এই স্নেহ মই কেতিয়াও পাহৰিব নোৱাৰিম ৷ আজিৰ দিনটো মোৰ বাবে স্মৰনীয় দিন হৈ ৰ'ব ৷ মই বিভিন্ন সময়ত দিল্লীৰ সদনত গোৰ্খাসকলৰ অভাৱ- সমস্যা দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ ৷

লগতে তেঁও কয়- আজি মই মোৰ জীৱনত প্ৰথমবাৰলৈ এটা টিকা পাবলৈ সক্ষম হৈছোঁ ৷ সাধাৰণতে ইয়াৰ পূৰ্বে এনে পৰিৱেশ লাভ কৰাৰ পৰা বঞ্চিত হৈ আছিলোঁ ৷ হয়তো টিকা লাভ কৰাৰ ক্ষেত্ৰত মোৰ সময়- সুযোগ মিলা নাছিল ৷

সাংসদগৰাকীয়ে ভাষণ প্ৰসংগত আৰু কয় যে , বিহালী সমষ্টিৰ বটীয়ামাৰী অঞ্চলৰ আই-মাতৃ সমাজৰ পৰা পবিত্ৰ ভাইটিকা লাভ কৰি আনন্দিত হৈছোঁ ৷ মই গোৰ্খা লোকৰ সপোন, অভাৱ, সমস্যা, ভৱিষ্যত প্ৰজন্মই কি বিচাৰে সেই বিষয়ে জানিবলৈ চেষ্টা কৰি আহিছোঁ আৰু ভৱিষ্যেতেও মোৰ এই অধ্যয়ন অব্যাহত ৰাখিম ৷

যদিও মই স্থানীয় প্ৰতিনিধি নহয় বা গোৰ্খা প্ৰতিনিধি নহয় তথাপিও সমগ্ৰ দেশৰ গোৰ্খা সমাজৰ বাবে মাত মাতি যাম ৷ গোৰ্খাসকলৰ নৱ প্ৰজন্মৰ মাজত অসমৰ উজ্বল ভৱিষ্যত দেখা পাইছোঁ বুলিও মন্তব্য কৰে সাংসদ গগৈয়ে ৷

পৰৱৰ্তী সময়ত আমাৰ হাতলৈ ক্ষমতা আহিলে গোৰ্খা সংস্কৃতি দেশৰ চুকে-কোণে লৈ যাবলৈ আমাৰ কৰণীয় থাকিলে কৰিম বুলি সাংসদগৰাকীয়ে আশ্বাস দিয়ে ৷ উল্লেখ্য যে সাংসদ গৌৰৱ গগৈৰ লগতে বিহালী উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা ,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক প্ৰেমলাল গঞ্জু , প্ৰাক্তন বিধায়ক ৰাজু চাহু , বিধায়িকা শিবামনি বৰাই ভাইটিকা পৰ্ব অনুষ্ঠানত উপস্থিত থাকে।

Also Read: ধেমাজি জিলা মহিলা সমিতিৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠান

গৌৰৱ গগৈ