ভাল খবৰঃ 'প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা'ৰ ঋণৰ পৰিমাণ ২০লাখলৈ বৃদ্ধি...

ভাল খবৰঃ প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ ঋণৰ পৰিমাণ ২০লাখলৈ বৃদ্ধি...

author-image
Asomiya Pratidin
New Update
ভাল খবৰঃ 'প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা'ৰ ঋণৰ পৰিমাণ ২০লাখলৈ বৃদ্ধি...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোতেই যুৱ প্ৰজন্মক উদ্যোগী হ'বলৈ আহ্বান জনাইছিল। ইয়াৰে বাবে কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত সহায়-সহযোগিতা কৰাৰো প্ৰতিশ্ৰুতি দিছিল। প্ৰধানমন্ত্ৰীয়ে দিয়া এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিয়েই শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ৰ ঋণৰ পৰিমাণ পূৰ্বতকৈ দুগুণ কৰাৰ সিদ্ধান্ত লৈছে।

দেশৰ বিত্ত মন্ত্ৰণালয়ে শেহতীয়াকৈ জাৰি কৰা এক বিবৃতিত এই কথা ৰাজহুৱা কৰিছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, পূৰ্বে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত কেন্দ্ৰই প্ৰদান কৰা ঋণৰ পৰিমাণ আছিল সৰ্বোচ্চ ১০লাখ। কিন্তু এতিয়া এই ধনৰ পৰিমাণ ২০লাখলৈ বৃদ্ধি কৰা হৈছে।

প্ৰণিধানযোগ্য যে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতামৰণে বাজেটতো এই প্ৰস্তাৱ ৰাখিছিল। আৰু সেই প্ৰস্তাৱ কাৰ্যকৰী কৰিয়েই এতিয়াৰে পৰা প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত এতিয়াৰে পৰা ঋণৰ সৰ্বোচ্চ সীমা ১০লাখৰ পৰা ২০লাখলৈ বৃদ্ধি কৰা হৈছে।

যুৱ প্ৰজন্মক এই আচঁনিত বিশেষভাৱে প্ৰাধান্য দিয়াৰ কথাও উল্লেখ কৰা হৈছে। এই আচঁনিত পূৰ্বে ঋণ লৈ সফলতাৰে পৰিশোধ কৰা ব্যক্তিক বিশেষভাৱে গুৰুত্ব দিয়া হব। অৱশ্যে ইয়াৰ বাবে পূৰ্বৰ ঋণ সফলভাৱে পৰিশোধ কৰা নথি-পত্ৰও জমা দিব লাগিব। 

যদিহে নতুনকৈ কোনো ব্যক্তিয়ে এই ঋণৰ বাবে তেনেহলে নূন্যতম ৫০হাজাৰৰ পৰা আৰম্ভ হৈ ১০লাখ টকা পৰ্যন্ত আৰু পূৰ্বে সফলভাৱে ঋণ পৰিশোধ কৰা সকলে ২০লাখ টকাৰ ঋণৰ বাবে আবেদন কৰিব পাৰিব।

প্ৰধানমন্ত্ৰী