Honeymoon in Shillong: ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডক লৈ আহি আছে হিন্দী ছবি...

মুম্বাইৰ এখন প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠানে ইন্দোৰৰ কুখ্যাত ৰাজা ৰঘুৱংশী হত্যাকাণ্ডৰ ভিত্তিত এখন ছবি নিৰ্মাণৰ কথা ঘোষণা কৰিছে। ছবিখনৰ নাম ‘হানিমুন ইন শ্বিলং’ আৰু ইয়াৰ

author-image
Asomiya Pratidin
New Update
ddddd

ডিজিটেল ডেস্কঃ মুম্বাইৰ এখন প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠানে ইন্দোৰৰ কুখ্যাত ৰাজা ৰঘুৱংশী হত্যাকাণ্ডৰ ভিত্তিত এখন ছবি নিৰ্মাণৰ কথা ঘোষণা কৰিছে। ছবিখনৰ নাম ‘হানিমুন ইন শ্বিলং’ আৰু ইয়াৰ চিত্ৰগ্ৰহণ মেঘালয়ৰ  মনোমোহা পৰিৱেশত হ’ব।

অলপতে মেঘালয়ৰ চোহৰাত সংঘটিত এই হত্যাকাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল, য’ত ৰাজা ৰঘুৱংশীক তেওঁৰ নৱবিবাহিতা পত্নীয়ে হনিমুনৰ সময়ত হত্যাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৰ মুখ্য নিৰ্মাতাগৰাকীয়ে কয় যে ছবিখনে এই হত্যাকাণ্ডৰ পটভূমিৰ উপৰি সম্পৰ্কৰ জটিলতা, বিশ্বাসঘাটকতা আৰু মানৱ মনৰ অন্ধকাৰ দিশসমূহ তুলি ধৰিব।

শ্বিলঙৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু শান্ত পৰিৱেশক গল্পৰ নাটকীয়তাৰ বিপৰীতে প্ৰদৰ্শন কৰা হ’ব। ছবিখনৰ মুখ্য চৰিত্ৰত বলিউডৰ দুগৰাকী জনপ্ৰিয় অভিনেতাই অভিনয় কৰিব। চিত্ৰনাট্য প্ৰকৃত ঘটনাৰ পৰা প্ৰভাৱিত হ’লেও কাহিনীত নাটকীয়তাৰ বাবে কিছু কাল্পনিক উপাদান যোগ কৰা হৈছে। শ্বিলঙত চিত্ৰগ্ৰহণ আগষ্টৰ পৰা আৰম্ভ হ’ব, আৰু ইয়াৰ প্ৰভাৱত স্থানীয় পৰ্যটনৰ প্ৰচাৰো হ’ব বুলি আশা কৰা হৈছে।

ৰাজা ৰঘুবংশী চিনেমা