নেতাই নিৰ্বাচনৰ আগত আৰু নিৰ্বাচনৰ পাছত কোৱা কথাৰ মাজত থাকে আকাশ-পাতাল পাৰ্থক্য। নেতা নিৰ্বাচনত জনতাৰ কোনোবাখিনিত ভুল হৈ যায়! সেয়েহে হয়তো ৰাজনীতিত নেতা আহে, নেতা যায়। কিন্তু জনতাৰ সমস্যা থাকি যায়। এই বিষয়টোকে লৈ তপন কুমাৰ শইকীয়াৰ এটি লেখা আজি মোৰ মত শিতানত প্ৰকাশ কৰা হ'ল..
অসমৰ গণ জীৱনৰ সমস্যাক লৈ অসমৰ প্ৰতিনিধি হৈ দিল্লীলৈ যোৱা নেতাসকলৰ গাম্ভীৰ্য্যতা কিমান? এই নেতাসকল জাতীয় আবেগ, জাতীয় জীৱনৰ সৈতে সংপৃক্ত নে? এই কথা ভাবিলে মোৰ মনটোৱে কেতিয়াবা আমন-জীমন কৰে৷ মোৰ বা আমাৰ দৰে সাধাৰণ পৰিয়ালৰ লোকে ৰাজনীতিৰ পৰা আতৰি থাকিবলগীয়া হোৱাৰ কাৰণটোৱে হৈছে এতিয়াৰ ধন সৰ্বোচ্ছ ৰাজনীতি৷ যাৰ ধন আছে তেওঁ নেতা৷ যাৰ ধন নাই তেওঁ নেতাৰ ধেমা ধৰা নেতা৷
সাধাৰণ পৰিয়ালৰ ধন নাই বাবেই সাধাৰণ পৰিয়ালৰৰ সন্তানে নেতা হোৱাৰ সুযোগ পোৱা নাই৷ বহু সাধাৰণ পৰিয়ালৰৰ সন্তানৰ ধেমা ধৰা নেতা হোৱাৰ হাবিয়াস নাই৷ কিন্তু নেতাৰ হোৱাৰ যোগ্যত নিৰূপণ কৰে জনগণে৷ কিন্তু জনগণেও আজি ধনৰ প্ৰভাৱ, গাড়ী, পৰিহিত কাপোৰ-কানি চাই নেতা মানিবলৈ ধৰা আমি দেখিছো৷
সাধাৰণ ঘৰৰ লৰাজনত ভোট নিদিয়ে৷ বিগত বিধানসভা নিৰ্বাচনত বোকাখাট সমষ্টিত অতি কমবয়সীয়া প্ৰণৱ দলৈ নামৰ যুৱকজনক কেইটামান দলে লগলাগি টিকট দিছিল৷ কিন্তু প্ৰণৱ দলৈক মানুহে ভোট নিদিলে৷ তাৰ কাৰণ এয়াই আছিল যে ধন সৰ্বােচ্ছ ৰাজনীতিত সাধাৰণ ঘৰৰ সন্তানৰ জনপ্ৰতিনিধি হোৱাৰ আশা পূৰণ নহয়৷ যাৰ বাবেই আজি সদনত সাধাৰণ লোকৰ কথা, জাতীয় সমস্যাবোৰ কমকৈ চৰ্চা হয়৷
সাধাৰণ লোক নিৰ্বাচিত হৈ গ’লে দুৰ্বল শ্ৰেণীটোৰ কথা, জাতীয় সমস্যাবোৰ সজোৰে উত্থাপন হ’ব৷ কিন্তু এতিয়াৰ পৰম্পৰাগত ৰাজনীতিয়ে সেয়া হ’ব নিদিয়ে৷ ৰাজনীতি এতিয়া ধনাঢ্য লোকৰ কব্জাত৷ সেই কথা আমি অনুভৱ কৰিব পাৰিছো৷ প্ৰকৃততে ৰাজনীতিত প্ৰকৃত সেৱক হ’ব পৰা মানুহ নিৰ্বাচিত কৰিব নোৱৰাটো আমাৰে ভুল বুলি ক’ব পাৰি৷ আনহে নালাগে৷ অসমৰ ৰাজনীতিৰ কথা ভাবকচোন৷ আমি অসমৰ মাটিৰ গোন্ধৰ সৈতে চিনাকী মানুহক নেতা পাতিব খোজা নাই৷ জাতীয় চেতনা নথকা মানুহে ব্যক্তিগত আৰু দলীয় স্বাৰ্থৰ উৰ্ধত গৈ ৰাজ্যৰ কথা সদনত উত্থাপন কৰিব পাৰে৷
ৰাজনীতি কেতিয়াবা এটা জাতিৰ বাবে সুযোগ সন্ধানী হৈ উঠে৷ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে কেন্দ্ৰত চৰকাৰ গঠন হ’ল৷ চৰকাৰ গঠনৰ পাছতে লোকসভাৰ অধিবেশন অনুষ্ঠিত হৈ থকাৰ সময়তে সমগ্ৰ অসম জলবন্দী হৈ পৰিছে৷ চৌদিশে হাহাকাৰ, অৰাজক পৰিস্থিতি৷ কেইবা শ পৰিয়াল গৃহহাৰা হ’ল৷ গোটেই জীৱনজুৰি কপালৰ ঘাম মাটিত পেলাই গঢ়া ঘৰখন পলকতে নোহোৱা হ’ল৷ কাপোৰ-কানি, পাকঘৰৰ যা-জোগাৰ, খেতিৰ সাৰ-সৰঞ্জাম, সন্তানৰ কিতাপ-বহী, সা-সামগ্ৰী বানৰ পানীয়ে উটুৱাই নিলে৷
অসমীয়া আজি পথৰ দাঁতি, ওখ মথাউৰি, স্কুল-কলেজ-সংঘৰ ঘৰৰ অস্থায়ী শিবিৰৰ বাসিন্দা৷ ৬০গৰাকীতৈক অধিক লোকে প্ৰাণ হেৰুৱালে৷ বহু পৰিয়ালৰ গোহালিৰ গৰু বানৰ পানীত ভাহি গ’ল৷ খেতিৰ মাটি নদীৰ বুকুত জাহ গ’ল৷ কিন্তু এইবাৰ অসমৰ বান সমস্যা ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ সোণালী সুযোগ আছিল৷ ৰাষ্ট্ৰক আমি জনাব পাৰিলোহেঁতেন যে বছৰৰ ছয়মাহে অসমৰ লক্ষ লক্ষ পৰিয়ালে পুনৰ ঘৰখন সজোৱাৰ নামতে পাৰ কৰিবলগীয়া হয়৷ বছৰে বছৰে ঘৰখন নিৰ্মাণ কৰোতেই হাজাৰ হাজাৰ পৰিয়ালে জীৱনটো উপভোগ কৰিবলৈ পাহৰি যায়৷
তৃতীয়বাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰিলে৷ আমি সাধাৰণ ভোটাৰ তথা জাতীয়তাবাদী মানুহখিনিয়ে এইবাৰৰ লোকসভাৰ অধিবেশনখনক বিশেষ সুযোগ ৰূপ্য গণ্য কৰিছিলো৷ নতুন চৰকাৰ তাতেই আকৌ নৱগঠিত চৰকাৰৰ শপতগ্ৰহণ আৰু তাৰ পাছতে ৰাষ্ট্ৰপতিৰ অভিভাষণক লৈ দল অনুযায়ী বক্তব্য ৰখা আৰু নিৰ্দলীয় সাংসদে বক্তব্য ৰখাৰ সুযোগ পাইছে৷
কিন্তু মই যিমান দূৰ দেখিছো কেৱল গৌৰৱ গগৈয়ে সুযোগৰ সদ ব্যৱহাৰ কৰিছে। বাকী কোনোবা সাংসদে যে তেনে সুযোগ লৈছে আমাৰ হলে চকুত পৰা নাই। নিম্ন সদনৰ অসমৰ ১৪ জন সাংসদ, আৰু উচ্চসদনৰ সাংসদ কেইজনে যদি একেস্বৰে অসমৰ বান আৰু খহনীয়াৰ বাবে ‘আৱাজ’ তুলিলেহেঁতেনে তেতিয়া চৰকাৰে মনোযোগ দিলহেঁতেনে বুলি মোৰ অনুমান হয়৷
কিয়নো এইবাৰৰ সদনৰ ৰেহৃৰূপ কিছু সকীয়া আছিল৷ পূৰ্বৰ দৰে সদন হৈ থকা নাই৷ বিৰোধীৰ ক্ষমতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এইবাৰ অসমৰ বান খহনীয়া সমস্যাক গুৰুত্ব দিয়াৰ অৱকাশ আছিল৷ যদি বক্তব্য ৰখাৰ সুযোগ পাোৱা সাংসদসকলে অসমৰ ভয়াবহ বান আৰু খহনীয়া পৰিস্থিতিৰ কথা সদনত ডাঙি ধৰিলেহেঁতেন তেন্তে সমগ্ৰ দেশে অসমৰ পৰিস্থিতিক অনুধাৱন কৰি বিভিন্ন মাধ্যমত জনমত তৈয়াৰ হ’লহেঁতেন৷ কিয়নো এইবাৰৰ এই যুটীয়া অধিবেশনত দেশৰ মানুহৰ নজৰ আছিল৷
অসমৰ সাংসদে সেই সুযোগ ল’ব নোৱাৰিলে৷ কোৱা বাহুল্য যে অসমৰ পৰা দিল্লীলৈ যোৱা সাংসদসকলে জাতীয় সমস্যাৰ প্ৰতি দায়বদ্ধ হয় নে? নে দলীয় ৰাজনীতিৰ গইনাৰ পৰা কেতিয়াও এইসকল সাংসদ মুক্ত হ’বই নোৱাৰিব৷ আমি অনুভৱ কৰো যে কেতিয়াবা দল-মত নিৰ্বিশেষ কোনো এটা বিষয়ত একত্ৰিক হ’ব লাগে আমাৰ ৰাজ্যখনৰ সাংসদসকল৷ কিন্তু তেনে পৰিৱেশ আমি আজিলৈ দেখা নাই৷ বান সমস্যাই আমাৰ জাতিটোক নিঃশেষ কৰি গৈছে৷
বছৰে বান আৰু খহনীয়াৰ সৈতে যুঁজি ভাগৰি পৰা জাতিটোৰ আৰ্থিক উন্নতি হ’ব কেনেকৈ? ঘৰখন এই গঢ়ে, আই ভাঙি নিয়ে৷ এনে পৰিৱেশত জীয়াই থকাটোৱেই ‘মুচকিল’৷ বিভিন্ন সংবাদমাধ্যমত প্ৰকাশিত খবৰে মতে, এইখন ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিচাৰিছিল ২৬৪০ কোটি টকা। কিন্তু কেন্দ্ৰই দিছে মাথো ৪৪ কোটি টকা। যদি ইয়াই সঁচা হয় তেন্তে দিল্লীৰ আমাৰ প্ৰতি কিমান সদ্ভাৱ আছে এবাৰ ভাবক৷
বানপানী আমাৰ জাতিটোৰ বাবে অভিশাপ হৈ পৰিছে৷ মৰি মৰি জীয়াই থকা জাতিটোৰ সমস্যাক দিল্লীয়ে গুৰুত্ব আৰোপ নকৰাটো তাতকৈ বেছি বেদনাদায়ক৷ আমি এনে জনপ্ৰতিনিধি দিল্লীলৈ প্ৰেৰণ কৰিব লাগে যে যিসকলে দিল্লীৰ চকুত চকু থৈ কথা ক’ব পাৰে৷ হয় হুজুৰ কৰা জনপ্ৰতিনিধিয়ে একো কৰি দিব নোৱাৰে৷ অধ্যয়নপুষ্ট জনপ্ৰতিনিধি আমাক লাগে৷ নদীসমূহক কেনেদৰে নিয়ন্ত্ৰণ কৰিব পৰা যায় তাক লৈ কোনো গৱেষণা নাই৷ নদীখনন কৰিলে বানৰ তাণ্ডৱ কমিব নেকি? এনে কথাবোৰৰ অধ্যয়ন কৰাৰ থল আছে৷
কিন্তু ভোটৰ ৰাজনীতিত আমাৰ সমস্যাৰ অধ্যয়ন আজি গৌণ কথা হৈ পৰিছে৷ তাৰ বাবে আমি ভোটাৰসকলৰ দায়িত্ব আছে৷ ভোটাৰে চালি-জাৰি চাই জনপ্ৰতিনিধি নিৰ্বাচিত কৰিবলৈ চিন্তা কৰক৷ তেতিয়াহে আমাৰ সমস্যাবোৰ দিল্লীত সজোৰে উত্থাপন হ’ব৷ আমাৰ বান সমস্যাৰ সমাধান লাগিলে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব লাগিব৷ ঘোষণা কৰিবলৈ দিল্লীক বাধ্য কৰিব লাগিব৷ দিল্লীক বাধ্য কৰিবলৈ অসমৰ জনপ্ৰতিনিধিসকল একো একোজন বলিষ্ঠ কণ্ঠ হ’ব লাগিব৷
আমি অসমৰ ভোটাৰে দলীয় আৱৰণৰ বেৰ ভাঙি ‘বলিষ্ঠ কণ্ঠ’ নিৰ্বাচিত কৰিব লাগিব৷ যি কণ্ঠই জাতীয় সমস্যাক প্ৰতিনিধিত্ব কৰিব পাৰে৷ আজিও কিমান পৰিতাপৰ কথা যে দিল্লীৰ কোনো নেতাই অসমৰ এনে পৰিস্থিতিত অসম ভ্ৰমণ নকৰিলে৷ দিল্লীৰ অসমৰ প্ৰতি মাহীআইৰ দৃষ্টিভংগী কেতিয়াও সলনি নহয়৷ অসমৰ সমস্যাসমূহ দিল্লীৰ দৃষ্টিত পেলাবলৈ আমি একো একোটা ‘বলিষ্ঠ কণ্ঠ’ নিৰ্বাচিত কৰি পঠিয়াব লাগিব৷ অন্যথাই অসমীয়া জাতিটো অৱস্থা বেহাল হ’ব৷