অসমীয়া লোক জীৱন আৰু ভাদ মাহ...

অসমীয়া লোক জীৱন আৰু ভাদ মাহ...

author-image
Asomiya Pratidin
New Update
অসমীয়া লোক জীৱন আৰু ভাদ মাহ...

আজি পহিলা ভাদ। অসমীয়া জাতীয় জীৱনৰ অতিকে পৱিত্ৰ ভাদ মাহ আজিৰে পৰা আৰম্ভ হৈছে । সমগ্ৰ ভাদ মাহত ৰাজ্যৰ প্ৰতিটো নামঘৰ, প্ৰতিখন সত্ৰত বায়ণৰ খোলৰ চাপৰ-গায়নৰ গীতৰ ৰাগ, হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। এই দিনটোৰ সৈতে সংগতি ৰাখি যুগান্ত বায়নৰ এটি লেখা আজি মোৰ মতত প্ৰকাশ কৰা হ'ল...

অসমীয়া লোকজীৱনত ভাদ মাহক অতি পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। এই পবিত্ৰ মাহটোত নামঘৰ তথা উপাসনা স্থলীসমূহ নাম-কীৰ্ত্তনৰ অমিয়া সুৰেৰে মুখৰিত হৈ পৰে। ভক্তই ভগৱানক আৰাধনা কৰাৰ ক্ষেত্ৰত এই মাহটোৱে এক সুকীয়া গুৰুত্বও আৰু তাৎপৰ্য কঢ়িয়াই আহিছে। লক্ষণীয়ভাৱে এই মাহটোতেই অসমীয়া জাতিৰ জনক শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ তিথিৰ পবিত্ৰ দিনো সংপৃক্ত হৈ আছে। এই পবিত্ৰ মাহটো ভগৱান শ্ৰীকৃষ্ণৰ জন্ম মাহ হোৱাৰ বাবে গোটেই মাহটোত ধৰ্মীয় স্থানসমূহ ভক্তি ৰসেৰে জীপাল হৈ থাকে। এই মাহটোত ভকতসকলে কৰা ভক্তি-অৰ্চনাৰ মাজেৰে জাতীয় সংস্কৃতিৰো এক পৰিচয় উন্মোচিত হয়।

জ্যোতিষ শাস্ত্ৰৰ মতেও, ভাদ মাহ অতি শক্তিশালী মাহ। এই মাহটোত সিংহ ৰাশিত ৰবি অতি শক্তিশালী হয়। প্ৰবাদ মতে, ভাদ মাহত মহাপ্ৰয়াণ ঘটিলে জীৱনটোৱে স্বৰ্গ প্ৰাপ্তি তথা মুক্তি লাভ কৰে। অসমীয়া জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ তথা আধুনিক অসমৰ সমাজ সংস্কাৰক, জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ মহাপ্ৰয়াণ ঘটিছিল এই পবিত্ৰ ভাদ মাহতে। এখন অস্পৃশ্যতাবিহীন সমাজ গঢ় দিয়া মহাপুৰুষ শঙ্কৰদেৱে ধৰ্ম-চৰ্চা, সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সমাজৰ সামূহিক কেন্দ্ৰ ৰূপে নামঘৰসমূহ সাজি বৃহত্তৰ অসমীয়া সমাজখনক একত্ৰিত কৰিছিল।

যিখন একত্ৰিত সমাজে বিভিন্ন জাতি-জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধি ৰাখিছিল। নামঘৰসমূহ সম্প্ৰীতি আৰু সমন্বয়ৰ মহামিলনৰ থলী হিচাপে আজিও অসমীয়া সমাজক বিশ্বৰ বুকুত গৌৰৱোজ্জ্বলভাৱে প্ৰতিষ্ঠা কৰি আহিছে। অসমৰ পবিত্ৰ ভূমিক ভক্তিৰ চেতনাৰ দ্বাৰা উজ্জীৱিত কৰি যুগ-যুগান্তৰ বাবে গুৰুজনাক নমস্য পুৰুষ হিচাপে অসমীয়া সমাজে মান্যতা প্ৰদান কৰি আহিছে। সেয়েহে সুধাকণ্ঠ ড⁰ ভূপেন হাজৰিকাই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা গীতেৰে গুৰুজনাৰ অসমীয়া সমাজত থকা প্ৰাসংগিকতাক উপলব্ধি কৰি গাইছে "মোক গুৰু লাগে জগতত জাননী দিলোঁ, জগতৰেই গুৰু শ্ৰীশঙ্কৰ ঘৰতেই অন্ধলাই নেদেখিলোঁ।"

ভাৰতীয় পৰম্পৰা আৰু জনমানসৰ অপ্ৰতিদ্বন্দ্বী পুৰুষ শ্ৰীকৃষ্ণৰ জন্মও হৈছিল এই পবিত্ৰ ভাদ মাহৰ অষ্টমী তিথিত। অসাধাৰণ পুৰুষত্ব, মধুৰ ব্যক্তিত্ব আৰু প্ৰেমৰ মহত্বৰে সকলো লোকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা ভগৱান শ্ৰীকৃষ্ণই অমৰত্বৰ ধাৰণাৰে ভক্তসকলক সন্মোহিত কৰি ৰাখিছিল। পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ বুকুত বহুটো মহাপুৰুষ, দাৰ্শনিক আৰু ৰাজনীতিজ্ঞৰ জন্ম হৈছে।

এইসকল কোনো পুৰুষে ভগৱান শ্ৰীকৃষ্ণৰ দৰে শ্ৰদ্ধা আৰু ভক্তি পূজাৰে বন্দিত হোৱা নাই। এই কাৰণে শ্ৰীকৃষ্ণক ভাৰতীয় সমাজ-সংস্কৃতিৰ মেৰুদণ্ড বুলি কোৱা হয়। ভাৰতীয় চিন্তাধাৰা আৰু সমাজ ব্যৱস্থাক শ্ৰীকৃষ্ণৰ ভক্তি দৰ্শনে সমগ্ৰ ভাৰতীয় সত্ত্বা তথা আত্মাক কৃষ্ণ অবিহনে অসাৰ আৰু অপ্ৰাসংগিক হিচাপে চিহ্নিত কৰি আহিছে। সমান্তৰালভাৱে অসমৰ গুৰুদুজনাৰ ভক্তি ধৰ্মৰ আদৰ্শ আৰু বাণীত সংযুক্ত হৈ থকা কৃষ্ণ ভক্তিৰ দৰ্শনে সমগ্ৰ অসমীয়া সত্ত্বাটোক জীয়াই ৰাখিছে।

ইছলাম ধৰ্মী লোক এজনৰ বাবে ৰমজান মাহ যেনেদৰে এক পবিত্ৰ মাহ, ঠিক তেনেদৰে বৈষ্ণৱ ধৰ্মী অসমীয়া লোকৰ বাবেও ভাদ মাহ এক পবিত্ৰ মাহ। ভক্তি ৰসত ডুবি থকা এই মাহটোত প্ৰতিজন অসমীয়াই হৰিনামৰ ধ্বনিৰে ৰাজ্যখনৰ আকাশ-বতাহ মুখৰিত কৰি ৰাখে। অসমীয়া জাতীয় সংস্কৃতিৰ বাহক সত্ৰ, নামঘৰসমূহ লোকে-লোকাৰণ্য হৈ পৰে। ভাদ মাহৰ তাৎপৰ্যক অইন ধৰণেও বিচাৰ কৰি চাব পাৰি।

ব’হাগৰ পৰা শাওণমাহলৈ কৃষকে ব্যস্ততাপূৰ্ণ সময় পাৰ কৰে। পথাৰখন শস্যসম্ভৱা কৰি তুলিবলৈ কৃষকে কঠোৰ শাৰীৰিক শ্ৰম কৰিব লগা হয়। কৃষকে শাওণৰ পথাৰত কঠীয়া ৰুই দুচকুত আঁকি লয় সোণালী ভৱিষ্যতৰ জিলমিল সপোন। ভাদ মাহ যেন অলপ জিৰণিৰ সময়। জিৰণিৰ সময়ছোৱাত দুয়োজনা মহাপুৰুষ, শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱৰ দিন পৰাত আধ্যাত্মিক ভাৱত বুৰ গৈ কৃষকে পৰম শান্তিৰ প্ৰাৰ্থনা কৰে। সেৱাৰ থলীলৈ গৈ হৰিনামৰে ক্লান্ত দেহালৈ প্ৰাণ চঞ্চলতা ঘূৰাই আনে। ঘৰৰ মুৰব্বীগৰাকীয়ে ঘৰখনৰ অপায়-অমংগল দূৰ কৰাৰ প্ৰাৰ্থনা কৰি ভকত-বৈষ্ণৱৰ ওচৰত মূৰ দোঁৱাই আশিস লয়।

এই পবিত্ৰ ভাদ মাহৰ আৰম্ভণিৰ পবিত্ৰ মূহুৰ্তত বৰ্তমান সমাজখনত দেখা দিয়া অবিশ্বাস, সন্দেহৰ ভাৱ আঁতৰাই একত্ৰিত হৈ হৰি ভক্তি আৰু হৰি নামৰ শ্ৰৱণ, কীৰ্ত্তন কৰি জাতি, ধৰ্ম নিৰ্বিশেষে গুৰুজনাই বিচৰা ঐক্য আৰু সংহতিৰ বৃহত্তৰ সমাজ এখন গঢ়ি তোলাৰ লগতে জাতীয় জীৱনৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰখাৰ বাবে সংকল্প গ্ৰহণ কৰাটো সময়ৰ আহ্বান।

Also Read: বিমোৰত পৰিছে মোডী! হাছিনাই টোপনি হৰিছে নতুন দিল্লীৰ...

ভাদ মাহ অসমীয়া