ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাৰ অন্ত নাই। এইবাৰ মৰঙী অঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে বন্ধ কৰি দিলে চাহ গছৰ পাত তুলবলৈ। কিন্তু ইয়াৰ আঁৰৰ কাৰণ কি? ক্ষুদ্ৰ চাহ খেতিয়কৰ বিভিন্ন সমস্যা সন্দৰ্ভত গুৱাহাটীৰ জু-ৰোডৰ প্ৰণব কুমাৰ শৰ্মাৰ এই লেখা এইবাৰৰ মোৰ মত শিতানত আগবঢ়োৱা হ'ল।
যোৱা ১২ ছেপ্টেম্বৰ ৰ পৰা গোলাঘাট জিলাৰ মৰঙীৰ খুদ্ৰ চাহ খেতিয়কসকলে পাত তোলা বন্ধ কৰিবলগীয়া হ'ল। এয়া খুদ্ৰ চাহ খেতিয়কসকলৰ লগতে, চাহ ফেক্টৰীৰ মালিক, অসম চৰকাৰৰ লগতে চাহ উদ্যোগৰ লগত জড়িত হৈ থকা সকলোৰে বাবে চিন্তাৰ বিষয়।
চাহ খেতিৰ লগত জড়িত হৈ থকা খুদ্ৰ চাহ খেতিয়ক সকলে কেচাপাত বিক্ৰী কৰি ভাল দাম বিছাৰে। চাহ কৰ্মীসকলে ভাল বেতন বিচাৰে। ফেক্টৰীত উৎপাদন হোৱা চাহপাত বিক্ৰী কৰি বট লিফ ফেক্টৰীয়ে ভাল দাম বিছাৰে।
খুদ্ৰ চাহ খেতিয়কসকলৰ লগত জড়িত আন আন অনুস্থান (সাৰ, কীটনাশক দৰব যোগানীয়া,গাড়ীৰে কেচাপাত ফেক্টৰীত পাত যোগান ধৰা) বোৰেও বেছি লাভ কৰিব বিচাৰে।এইটো যিকোনো উদ্যোগৰ মূল উদ্দেশ্য।
কিন্তু খুদ্ৰ চাহ খেতিয়কসকলে কিয় তেওঁলোকৰ মতে লাভ কৰিব পৰা নাই বা উচিৎ মূল্য পোৱা নাই সেইটোহে অতি চিন্তনীয় বিষয়। চাহৰ দাম নিৰ্ভৰ কৰে আন্তঃৰাষ্ট্ৰীয় চাহৰ দামৰ ওপৰত।
গতিকে বট লিফ ফেক্টৰী আৰু চাহ বাগিছাৰ ফেক্টৰীসমূহে ভাল দাম পাবলৈ ভাল চাহ বনাবই লাগিব। বহু ফেক্টৰীয়ে ভাল দাম পাই আছে। বেয়া চাহত ভাল দাম নাপায় এইটো সত্য।
ভাল চাহ বনাবলৈ ভাল কেচাপাতৰ দৰকাৰ। ভাল কেচাপাত মানে কি টোকলাই চাহ গৱেষণা কেন্দ্ৰই চাহৰ উৎপাদনৰ লগত জড়িত সকলোকে বুজাই দিছে। এই সম্পৰ্কে বহু গৱেষণা পত্ৰও ইতিমধ্যে প্ৰকাশ কৰিছে।
খুদ্ৰ চাহ খেতিয়কসকলৰ মূল সমস্যা হৈছে, তেওঁলোকে শালী ধান ৰোৱা আৰু কাটাৰ সময়ত, দুৰ্গা আৰু কালী পূজাৰ সময়ত চাহ বাগিছাৰ পাত তোলা আৰু অন্যান্য কাম কৰিবৰ বাবে বহুত কম কৰ্মী পায়। ফলত সময়ত পাত তুলিব নোৱাৰে আৰু কেচাপাতৰ গুণ কমি যায়।
ইয়াৰ পৰা চাহ ফেক্টৰীত ভাল মানদণ্ডৰ চাহ বনাব নোৱাৰে।আটাইতকৈ ডাঙৰ কথা হৈছে যে কিছুমান খুদ্ৰ চাহ বাগিছাই দুৰ্গা পূজাত চাৰিদিন, কালী পূজাত দুদিন, বহাগ বিহু আৰু মাঘ বিহুত দুদিনকৈ কৰ্মী নাপায়। সেইকাৰণে এই সময়ছোৱাত বাগিছা বন্ধ ৰাখিব লগা হয়।
চাহ গছেটো বন্ধ বুজি নাপায় গতিকে নিজৰ কাম কৰি থাকে। ফলত পাত দিনে দিনে দীঘল হৈ থাকে আৰু ১০-১২ দিন হোৱাৰ পাছত ইয়াৰ মানদণ্ড বহুত কমি যায়।
এই সমস্যাৰ সমাধান কেনেকৈ কৰিব পাৰা যায় সেইটোহে চিন্তাৰ বিষয়। অসমত চাহ উদ্যোগ লাগিবই। খুদ্ৰ চাহ খেতিয়কসকল আৰু বট লিফ ফেক্টৰী ইয়াৰ অভিন্ন অংশ।তেওঁলোকে বহুত পৰিয়ালক কৰ্ম সংস্থাপন দি আছে আৰু চৰকাৰেও কিছু খাজনা, কৰ আদি পাই।
এই বিষয়ে চৰকাৰে কিবা সহায় কৰিব পাৰে নেকি?
চৰকাৰে খুদ্ৰ চাহ খেতিয়ক আৰু কৰ্মীসকলৰ লগত আলোচনা কৰি ডাঙৰ চাহ বাগিছা বোৰত যেনেকৈ বন্ধৰ নিয়ম আছে তেনেকুৱাকৈ খুদ্ৰ বাগিছা বোৰতো কৰিব পাৰি নেকি চিন্তা কৰি এটা নিয়ম বান্ধি দিলে এই সমস্যাৰ কিছু সমাধান হ'ব।
দ্বীতীয়তে, পাত তোলা মেচিন ব্যৱহাৰ কৰিব পাৰি। কিন্তু বৰ্তমান ব্যৱহাৰ কৰা মেচিন বোৰে ভাল মানদণ্ডৰ পাত প্ৰায়ে তুলিব নোৱাৰে,blade ৰ ওপৰত যি পাই তাকে কাটি লৈ যায়।
গতিকে হাতেৰে তোলা পাতৰ সমান মানদণ্ডৰ পাত তুলিব নোৱাৰে।কিছুমানে পাত দীঘল হৈ গলে কাচি ব্যৱহাৰ কৰে ফলত ভাল মানদণ্ডৰ পাত উঠাব নোৱাৰে।
বৰ্তমান বিজ্ঞানৰ বহুত উন্নতি হৈছে। চৰকাৰে sensor type plucking মেচিন IIT Guwahati ৰ যোগেদি develop কৰিবৰ বাবে চিন্তা কৰিব পাৰে। IIT Guwahatiত এই বিষয়ে প্ৰযুক্তি আছে।
এনে কৰিলে কৰ্মীসকলৰো কষ্ট কম হ'ব। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহৰ নাম ৰাখিবলৈ চাহৰ মানদণ্ড ভাল হ'ব লাগিব।