২০০৫ চনৰ ৯ ডিচেম্বৰত আমাৰ মাজৰ পৰা গুচি গৈছিল বিশিষ্ট সু-সাহিত্যিক মহেন্দ্ৰ বৰঠাকুৰ দেৱ। তেখেতৰ মৃত্যু দিৱসৰ দিনা তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই ৰুমী শৰ্মা বৰঠাকুৰৰ 'মোৰ মত'...
শুকুৰবাৰে অসমৰ সকলোৰে পৰিচিত সু-সাহিত্যিক তথা নটসৈনিক শ্ৰদ্ধাৰ মহেন্দ্ৰ বৰঠাকুৰ দেৱৰ মৃত্যুদিন ( ৯ ডিচেম্বৰ -২০০৫) ।
সমাজ সচেতন নাট্যকাৰ জনে নিৰহংকাৰ আৰু সততাৰে সহজ সৰল জীৱন অতিবাহিত কৰি যি সাহিত্য সৃষ্টি কৰিছিল তাত নিহিত হৈ আছে নৱ প্ৰজন্মৰ প্ৰতি আশা আৰু প্ৰেৰণা । তেখেত আছিল একেধাৰে গল্পকাৰ, ঔপন্যাসিক, ব্যংগ লেখক, নিবন্ধকাৰ,নাট্যকাৰ, গীতিকাৰ, চিত্ৰনাট্য ৰচক তথা কাকতৰ সম্পাদক । অৱশ্যে, অসমৰ মানুহৰ হৃদয়ত নাট্যকাৰ হিচাপেই পৰিচিত ।
সাম্প্ৰতিক ৰাজনৈতিক, সামাজিক জীৱনৰ প্ৰমূল্যৰ অৱক্ষয়ৰ স্বৰূপ দাঙি ধৰা 'জন্ম' নাটকেৰে নাট্যকাৰৰ পৰিচয় আৰম্ভ কৰা মানুহ ভালপোৱা ,সদাহাস্য ব্যক্তিজনে শিমলু-চন্দন, পিতামহৰ শৰ-শয্যা, শিপা,শৰাগুৰি চাপৰি, মূখ্যমন্ত্ৰী, মাজনিশাৰ চিঞৰ,মহাবিৰ চিলাৰায়, আইদেউ সন্দিকৈ, বিষ্ণু প্ৰসাদ ,ডাইনীৰ প্ৰেম, মহাত্মাকে আদি কৰি অনাতাঁৰ, ভ্ৰাম্যমাণ তথা দূৰদৰ্শনৰ ( ধাৰাবাহিক, ব্যংগ চিত্ৰ, টেলিফ্লিম, ) বাবে শতাধিক নাটক লিখি গ'ল ।
তেনেকৈ লিখি গ'ল- আঠখন উপন্যাস, তিনিখন চুটিগল্পৰ সংকলন, এঘাৰখন চিত্ৰনাট্য ,অনুবাদ সাহিত্য, ব্যংগৰচনা আৰু একমাত্ৰ শিশু পুথি (পনীয়া সোণৰ দেশ)। ইয়াৰ লগতে বাতৰি কাকত, আলোচনী আদিলৈ বহুতো প্ৰবন্ধৰে নিজৰ মানবীয় অনুভূতি প্ৰকাশ কৰি গ'ল । বহুজন সাহিত্যিক সমালোচকৰ ভাষাৰে ক'ব লাগিব যে - মহেন্দ্ৰ বৰঠাকুৰৰ নাটক অবিহনে অসমৰ ভ্ৰাম্যমাণ নাট্যজগতে পূৰ্ণতা নাপায় ।
জীৱনৰ শেষ সময়ত বাক ৰূদ্ধ (ৰোগৰ বাবে) হৈও কলমেৰে নিজৰ সৃষ্টি অব্যাহত ৰাখিছিল । সংগীত নাটক একাডেমিৰ লগতে আন বহু বটাঁ বাহনৰ পৰা বঞ্চিত হৈও আক্ষেপ নথকা এই বৰেণ্য ব্যক্তিজনৰ বাবে মানুহৰ মৰম আদৰেই আছিল সকলোৰে উৰ্দ্ধত আৰু আজি সেইবাবেই তেখেতৰ সৃষ্টিয়েই তেখেতক জীয়াই ৰাখিছে ।
আজি এই মহান নাট্যকাৰ জনৰ মৃত্যু দিৱসত একাঁজলি শ্রদ্ধাঞ্জলি নিবেদন কৰিলো ।
আৰু পঢ়ক: বিবাহস্থলীত ভয়ংকৰ অগ্নিকাণ্ড! নিহত ২ আহত ৫০ জনৰো অধিক