দেশভক্ত তৰুণৰাম ফুকনৰ ৮৫সংখ্যক মৃত্যু দিৱসৰ দিনা ৰাজ্যজুৰি উদযাপিত হ’ল দেশভক্তি দিৱস। এই দিৱসত মুখ্য অতিথি হিচাপে অংশ লৈ দেশভক্ত ফুকনক সশ্ৰদ্ধ সোৱঁৰণ কৰিলে তথ্য আৰু সংযোগ তথা জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই। অনুষ্ঠানত এক চিন্তাকৰ্ষক আৰু ৰাজনৈতিক তথা সামাজিক ঐতিহ্য মূল্যায়েনেৰে সাৰগৰ্ভ ভাষণ আগবঢ়ালে মন্ত্ৰীগৰাকীয়ে। 'অসমীয়া প্ৰতিদিন ডিজিটেল'ত মন্ত্ৰী পীয়ুষ হাজৰিকাই এই অনুষ্ঠানত প্ৰদান কৰা ভাষণটি 'মোৰ মত' শিতানত আগবঢ়োৱা হ'ল
দেশভক্ত তৰুণৰাম ফুকনদেৱৰ ৮৫ সংখ্যক মৃত্যু দিৱসৰ দিনা অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত আয়োজন কৰা দেশভক্তি দিৱসৰ এই পৱিত্ৰ মঞ্চৰপৰা প্ৰথমেই মই অসমৰ প্ৰাতঃস্মৰণীয় নেতাগৰাকীক সশ্ৰদ্ধ স্মৰণ কৰিছো ।
আধুনিক অসমৰ সামাজিক আৰু ৰাজনৈতিক ইতিহাসৰ যি কেইগৰাকী মহান ব্যক্তিৰ বিষয়ে আমি সঘনেই আলোচনা কৰো, তেঁওলোকৰ ভিতৰত এজন অন্যতম আছিল তৰুণৰাম ফুকন ডাঙৰীয়া ।
আমি অসমীয়া জাতিৰ ইতিহাসলৈ ঘূৰি চালে কেইটামান এনে ঘটনা দেখিবলৈ পাও যি জাতিটোৰ বৰ্তমানৰ পৰিচয় আৰু স্থিতিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ঘটনা অথবা সময় হিচাপে পৰিগণিত হৈ আছে। আগ্রাসী মোগলসকলে ভাৰতবৰ্ষৰ এখনৰ পাছত এখনকৈ এফালৰ পৰা ৰাজ্যসমূহ আক্ৰমণ কৰি মোগল সাম্ৰাজ্যৰ অধীনলৈ নি তেওঁলোকৰ সাম্ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰিছিল ।
ভৌগোলিকভাৱে এক অতি গুৰুত্বপূৰ্ণ ৰাজ্য হিচাপে পৰিচিত অসম আক্ৰমণ কৰি মোগলে পূৱলৈ তেওঁলোকৰ সাম্রাজ্য বৃদ্ধি কৰাৰ মন মেলিছিল। বাৰে বাৰে অসম আক্ৰমণ কৰিছিল যদিও সফল হোৱা নাছিল। অৱশেষত আহোম সেনানায়ক লাচিত বৰফুকনে প্ৰৱল পৰাক্ৰমেৰে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি অসমক মোগল আগ্ৰাসনৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছিল আৰু অসম তথা দক্ষিণ পূব এচিয়াৰ ইতিহাস সলনি হোৱাৰ পৰা ৰক্ষা কৰিছিল।
অসমৰ ইতিহাসত আন এক অতি সংবেদনশীল সময় আহিছিল য'ত পুনৰ এবাৰ অসমীয়া জাতিৰ অস্তিত্ব সংকটত পৰিব লগা হৈছিল । সেই সময় আছিল বিংশ শতিকাৰ ৩০ আৰু ৪০ ৰ দশক দুটা। সমগ্ৰ ভাৰতবৰ্ষতে তেতিয়া স্বাধীনতা সংগ্রামে শিখৰত উপনীত হৈছিল আৰু স্বাধীন দেশ এখনে জন্ম লাভ কৰাৰ কুচকাৱাজ আৰম্ভ হৈ গৈছিল।
১৯৩৫ চনৰ বৃটিছ সংসদৰ Government of India Act অনুসৰি ভাৰতৰ Province সমূহত Legislative Assembly গঠন কৰাৰ প্ৰস্তাৱ দিয়া হয় আৰু সেই অনুসৰি অসমতো ১৯৩৭ চনত প্ৰথমবাৰৰ বাবে Assam Legislative Assembly আৰম্ভ হয়।
লোকপ্রিয় গোপীনাথ বৰদলৈ দেৱে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ নকৰাত চৰকাৰ গঠন কৰাৰ মন নেমেলিলে আৰু ফলত চৈয়দ চাদুল্লাৰ নেতৃত্বত অসমত চৰকাৰ গঠন কৰা হ'ল।তেনে সময়তে পূর্ব বংগ আৰু পশ্চিম বংগৰ মাজত হোৱা ধৰ্মীয় প্ৰবজনৰ হেঁচা অসমতো পৰিল । ইতিহাসত স্পষ্টভাৱে বর্ণিত হৈ আছে যে চাদুল্লাৰ এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰথমৰেপৰাই তৰুণৰাম ফুকন আৰু গোপীনাথ বৰদলৈৰ দৰে নেতাই সজোৰে প্ৰতিবাদ কৰিছিল।
চৈয়দ চাদুল্লা চৰকাৰে 'গ্ৰ' ম'ৰ ফুদ' (Grow more food) আচনিৰ নামত লাখ লাখ পূর্ববংগীয় মুছলমানক অসমলৈ আনি মাটি-তেঁটি দি সংস্থাপিত কৰিছিল। লাখ লাখ পূর্ববংগীয় মুছলমানৰ প্ৰব্ৰজন ঘটাই চাদুল্লাই মুছলিম সংখ্যাগৰিষ্ঠ ৰাজ্যত পৰিণত কৰি অসমক পাকিস্তানত অন্তর্ভুক্তিৰ ভয়ানক ষড়যন্ত্র চলাইছিল ।
স্বাধীনতাৰ প্ৰাকক্ষণত গ্রুপিং প্ৰস্তাৱৰ জড়িয়তে অসমক পাকিস্তানত অন্তর্ভুক্তিৰ ভয়ানক ষড়পত্র টাকা সমলৈ চৰকাৰে বিধানসভাত গ্রুপিঙৰ বিৰুদ্ধে এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল । সেই সময়ত কংগ্ৰেছৰ লগতে একাংশ নির্দলীয় আৰু ইউৰোপীয়ান সদস্যইও এই গ্রুপিং বিৰোধী প্ৰস্তাৱলৈ সমর্থন আগবঢ়াইছিল।
বিধানসভাত মুছলীম লীগৰ শীৰ্ষনেতা চৈয়দ চাদুল্লাই এই প্ৰস্তাৱৰ দুৰ্ঘোৰ বিৰোধ কৰিছিল আৰু প্ৰস্তাৱটো নাকচ কৰিবলৈ সৰ্বশক্তিৰে জোৰ দিছিল । কিন্তু গোপীনাথ বৰদলৈৰ সবল নেতৃত্বত এই গ্রুপিং বিৰোধী প্ৰস্তাৱ বিধানসভাত গৃহীত হৈছিল।
আজি আমি ভাৱিলে ভয় লাগে যে, সেই সময়ত প্রথমতে তৰুণৰাম ফুকন আৰু পাছত তেওঁৰে আদৰ্শৰে আগবঢ়া গোপীনাথ বৰদলৈ আৰু আন নেতা সকল নথকাহ'লে অসম পাকিস্তানৰ অন্তৰ্ভুক্ত হ'লহেঁতেন আৰু অকল এয়াই নহয় হয়তো আজিৰ সমগ্ৰ দক্ষিণ পূৱ এচিয়াৰ মানচিত্ৰই সলনি হৈ পৰিলহেঁতেন ।
আহোম সেনানায়ক লাচিত বৰফুকনে যেনেদৰে মোগলৰ আগ্ৰাসন ৰোধ কৰি অসমৰ স্বাভীমান আৰু ঐতিহ্য ৰক্ষা কৰিছিল তেনেদৰে দুৰদৃষ্টিসম্পন্ন ৰাজনৈতিক চিন্তাধাৰাৰে প্ৰচুৰ বিচক্ষণতাৰে দেশভক্ত তৰুণৰাম ফুকন আৰু লোকপ্ৰিয় গোপীনাথ দেৱৰ নেতৃত্বত অসম পূৰ্ব বংগৰ অধীন হোৱাৰ পৰা ৰক্ষা পৰিল।
অসমৰ ইতিহাসৰ এই সংবেদনশীল সময়চোৱাৰ কথা আজিৰ এই গুৰুত্বপূর্ণ দিনটোত মই এইবাবেই ক'ব বিচাৰিছো কিয়নো এই সময়চোৱাক উপলব্ধি নকৰিলে দেশভক্ত তৰুণৰাম ফুকন দেৱৰ অৱদানৰ প্ৰকৃত মাহাত্ম্য আমি উপলব্ধি কৰিব নোৱাৰিম | আজি ভাৰতবৰ্ষৰ এখন অন্যতম ৰাজ্য হিচাপে আমি পৰিচয় দিছো, সমগ্ৰ উত্তৰ-পূৱ ভাৰত আজি গৌৰৱেৰে স্বাধীন ভাৰতৰ অংগ হিচাপে থিয় দি আছে, এয়া সম্ভৱ হৈ উঠিছে দেশভক্ত তৰুণৰাম ফুকন, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিৰ দৰে প্ৰাতঃস্মৰণীয় নেতাৰ গভীৰ দেশপ্ৰেম আৰু তীক্ষ্ণ দূৰদৃষ্টিৰ বাবে |
আনহাতে আজিৰ সময়ো আমাৰ বাবে কিছু চিন্তনীয় আৰু সংবেদনশীল হৈ পৰিছে। জাতিটোৰ অস্তিত্ব ৰক্ষাৰ বাবে দেশভক্ত তৰুণ ৰাম ফুকন আৰু লোকপ্রিয় গোপীনাথ বৰদলৈৰ দৰে নেতাৰ ৰাজনৈতিক বিচক্ষণতাৰ প্ৰেৰণাৰে আমি সকলোৱে কাম কৰিব লাগিব |
দেশভক্ত তৰুণৰাম ফুকন আছিল একেধাৰে এজন লেখক, জনপ্রিয় চিকাৰী, ৰাজনীতিবিদ আৰু মুক্তিযুজাঁৰু | সুদূৰ লণ্ডনত আইন অধ্যয়ন কৰি আহি কলিকতাত উকালতি আৰম্ভ কৰা আৰু পাছলৈ গুৱাহাটীত আইনৰ শিক্ষকতা কৰিবলৈ আৰম্ভ কৰা তৰুণৰাম ফুকন ডাঙৰীয়াই মহাত্মা গান্ধীৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ ভাৰতীয় স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল |
১৯২০ চনত তেঁও ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি অসমত দলটোৰ সক্রিয় শাখা খোলাৰ বাবে উঠি পৰি লাগে । অসমত তৰুণৰাম ফুকন দেৱৰ নেতৃত্বতে ১৯২১ চনত বিদেশী বস্ত্র দাহ যজ্ঞ আৰম্ভ হৈছিল আৰু গান্ধীজীয়েও ইয়াত অংশ গ্ৰহণ কৰিছিল | তৰুণ ৰাম ফুকন দেৱৰ সবল প্রচেষ্টাতে ১৯২৬ চনত অসমৰ পাণ্ডত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশন বহে।
এই অধিৱেশনত মহাত্মা গান্ধী, ড০ ৰাজেন্দ্ৰ প্ৰসাদ, চৰ্দাৰ বল্লভ ভাই পেটেল, পণ্ডিত মদন মোহন মালব্য আদি দেশৰ দিগ্গজ স্বাধীনতা সেনানীসকলে অংশগ্ৰহণ কৰিছিল | অসমক বৃটিছবিৰোধী ভাৰতীয় স্বাধীনতা আন্দোলনৰ মূল আওতালৈ অনাৰ ক্ষেত্ৰত তৰুণৰাম ফুকনদেৱকেই আমি মূল কৃতিত্ব প্রদান কৰিব পাৰো |
১৯৩৯ চনত মৃত্যুবৰণ কৰাৰ আগমুহূৰ্তলৈকে প্ৰায় ২০ টা বছৰ তৰুণৰাম ফুকন দেৱ বৃটিছ বিৰোধী সংগ্রামখনত অতি সক্রিয়ভাৱে জড়িত আছিল | এইখিনি সময় তেতিয়াৰ অসমৰ বাবেও আছিল অতি গুৰুত্বপূৰ্ণ সময় | বৃটিছ যোৱাৰ পাছৰ ভাৰতবৰ্ষখনৰ কথাও বহুতে চিন্তা কৰিছিল | এইখিনি সময়ত দেশৰ স্বাধীনতা আন্দোলনৰ নেতাসকলৰ লগত দেশভক্ত তৰুণৰাম ফুকন দেৱৰ সু-সম্পৰ্ক আছিল | অসমক তেঁও সকলো পিনৰ পৰা দেশৰ স্বাধীনতা যুঁজত চামিল কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল ।
পিছে পৰৱৰ্তী সময়ত তৰুণৰাম ফুকন আৰু গোপীনাথ বৰদলৈৰ বিষয়ে আমাৰ উত্তৰ প্ৰজন্মৰ মাজত যিমানখিনি আলোচনা হোৱাৰ প্ৰয়োজন আছিল তাৰ পৰিৱেশ সৃষ্টি কৰাত আমি বহুদিন ধৰি গুৰুত্ব নিদিলো যেন মোৰ বোধ হয় । মৃত্যুৰ প্ৰায় ৪৯ বছৰৰ পাছত লোকপ্রিয় গোপীনাথ বৰদলৈক তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱৰ চৰকাৰৰ দিনত ১৯৯৯ চনত ভাৰতৰত্ন বঁটা প্ৰদান কৰা হয়।
অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশ আৰু মার্গদর্শনত বিগত ২০২১ বৰ্ষৰ পৰা অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত দেশভক্ত তৰুণৰাম ফুকন দেৱৰ পূণ্যতিথিটোক ৰাজ্যত দেশভক্তি দিৱস হিচাপে পালন কৰি অহা হৈছে।
আজি অকল ইয়াতেই নহয়, তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু অসমৰ জিলা প্রশাসনসমূহৰ সহযোগত ৰাজ্যখনৰ প্ৰত্যেক খন জিলাতে দেশভক্তি দিৱস উদযাপিত হৈ আছে । এই উদযাপন দেশভক্ত তৰুণ ৰাম ফুকন ডাঙৰীয়াক অসম চৰকাৰৰ তৰফৰ পৰা সন্মান জনোৱাৰ এক প্ৰয়াস । তেখেতৰ নিভাঁজ দেশপ্ৰেম আৰু ৰাজনৈতিক বিচক্ষণতা আজিৰ প্ৰজন্মৰ মাজত আলোচনা হোৱাতো দৰকাৰ।
বিগত বৰ্ষৰ দেশভক্তি দিৱসৰ অনুষ্ঠানত আমি ঘোষণা কৰিছিলো যে ৰাজ্যখনৰ উত্তৰ প্ৰজন্মৰ মাজত দেশভক্ত তৰুণৰাম ফুকন দেৱৰ আদৰ্শ বহুলভাৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যেৰে আমি দেশভক্তি দিৱসৰ অনুষ্ঠানৰ পূৰ্বে সমগ্ৰ ৰাজ্যযুৰি দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াৰ জীৱন আৰু কৰ্মৰ বিষয়ে ৰচনা/প্ৰবন্ধ প্ৰতিযোগিতা আয়োজন কৰিম ।
তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত এইবাৰ এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু আজি এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠসকলক আমি সন্মানিত কৰিছো | তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত পৰৱৰ্তী সময়ত এই প্রতিযোগিতাৰ নিৰ্বাচিত ৰচনাসমূহ সংকলন কৰি গ্ৰন্থ আকাৰে প্ৰকাশ কৰাৰ ব্যৱস্থা কৰা হ'ব ।
শেষত মই দেশভক্ত তৰুণৰাম ফুকন দেৱৰ লগতে স্বাধীনতা আন্দোলনত অংশ লোৱা প্ৰতিগৰাকী ব্যক্তিকে শ্ৰদ্ধাৰে স্মৰণ কৰিছো আৰু তেঁওলোকৰ দেশপ্ৰেমৰ আদৰ্শৰে আজিৰ সমাজতো আমি সকলোয়েই অনুপ্রাণিত হৈ আগবাঢ়ি যাব পাৰিম বুলি আশা ৰাখিছো।
Also Read: 'দেশভক্তি দিৱস' উদযাপনেৰে দেশভক্ত তৰুণৰাম ফুকনক সশ্ৰদ্ধ সোঁৱৰণ...