ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক শোণিত কুমাৰ ভুঞাই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুবোৰ গুৰুত্বপূৰ্ণ সংবাদ তথা অনুষ্ঠান পৰিৱেশন কৰিছে। সেই সূত্ৰে তেওঁ ভাৰত-পাকিস্তান সীমান্তৱৰ্তী অঞ্চলকে ধৰি দেশৰ বিভিন্ন স্থান ভ্ৰমণ কৰিব লগা হয়। শেহতীয়াকৈ কাৰ্গিল যুদ্ধৰ বিজয় দিৱসৰ সংবাদ পৰিৱেশন কৰিবলৈ তেওঁ লাডাখলৈ যাব লগা হৈছিল। অভিজ্ঞ সাংবাদিকগৰাকীয়ে এনেবোৰ ভ্ৰমণৰ অভিজ্ঞতাৰ ভিত্তিতেই লিখিছে ‘কেনে আছে লাডাখ’ শীৰ্ষক এই লেখা। প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভুঞাৰ এই লেখা আজি মোৰ মত শিতানত আগবঢ়োৱা হৈছে...
প্রাকৃতিক সৌন্দৰ্যৰ আকৰ লাডাখ। লাডাখৰ প্ৰেমত নপৰে কোনে? ঠিক নপৰে কোন বুলি কোৱাতকৈ নপৰাকৈ কোন থাকিব পাৰে বুলি ক'লেহে যেন সঠিক হ'ব। নুব্রা উপত্যকাই হওক বা পেংগং হ্রদেই হওঁক বা লাগিলে লাডাখৰ সর্পিল বাট-পথেৰে কৰা সপোন সপোন যেন লগা যাত্রাকালেই হওঁক...। কার্গিল আৰু ড্ৰাচৰ কথা নকলোৱেইবা। কিন্তু আৰু কিমান দিনলৈ থাকিব লাডাখ উপত্যকাৰ সৌন্দৰ্যৰ এই মাদকতা? সলনি হ'ব নেকি লাডাখৰ মোহনীয় ৰূপ? এই প্রশ্নবোৰেই আজিৰ সময়ত হৈ পৰিছে অতি স্পৰ্শকাতৰ-কাৰণ জলবায়ু পৰিৱৰ্তনৰ ভয়ানক কৰাল, গ্রাসত মোহনীয় লাডাখ।
যোৱা জুলাই মাহৰ শেষ সপ্তাহ চাৰিদিন পর্যন্ত লেহ বিমান বন্দৰৰ পৰা সকলো বিমানৰ উৰণ আৰু অৱতৰণ বন্ধ কৰি ৰাখিবলগীয়া হৈছিল। কাৰণ- সমুদ্রপৃষ্ঠৰ পৰা প্রায় ১০৬৮০ ফুট উচ্চতাত অবস্থিত লেহ বিমানবন্দৰটোৰ পৃষ্ঠভূমিত সেই সময়ত উষ্ণতা বৃদ্ধি পাইছিল ৩৬ ডিগ্রী ছেলছিয়াছলৈ। এনে উষ্ণতা অতি উচ্চতাত অৱস্থিত বিমানবন্দৰৰ বাবে অতি প্রতিকূল আৰু বিপদসংকুল, কাৰণ উচ্চ উচ্চতাত গৰমৰ ঢৌবে বায়ুক বিমান পৰিচালনাৰ বাবে প্রয়োজনীয় মাত্রাতকৈ অধিক পাতল কৰি তোলে। সেয়ে বন্ধ হৈ পৰিছিল লেহৰ সকলো বিমানসেৱা। সাধাৰণ যাত্রী আৰু পর্যটক সকলৰ বাবে তাৰ পিছৰ পৰিস্থিতি আছিল অবর্ণনীয়।
উষ্ণতা বৃদ্ধি হৈছে, হিমালয়ৰ হিমবাহ দ্রুতগতিত গলিছে, হ্রাস পাইছে তুষাৰপাত। সমান্তৰালভাবে সংঘটিত হৈছে ডাৱৰ বিস্ফোৰণ, কৃত্রিম বানৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ। এই সকলো উপকৰণে বিৰূপ প্রভাৱ পেলাইছে লাডাখৰ নৈসর্গিক শোভাৰ ওপৰত। আশংকা প্রকাশ কৰা হৈছে ২০৩৫ চনৰ ভিতৰত লাডাখ-ছিয়াচেন আদি উপত্যকা সমূহৰ হিমবাহ ২০১১ চনৰ তুলনাত হ্রাস পাব এক পঞ্চমাংশলৈ। এই আশংকা যদি সত্য প্রমাণিত হয় তেন্তে লাডাখৰ ৰূপান্তৰ অবশ্যম্ভাৱী।
এইবোৰেই জলবায়ু পৰিৱৰ্তনৰ পার্শ্বক্রিয়া। এশ শতাংশ সত্য সকলোবোৰৰ আঁৰত কেৱল জীৱশ্রেষ্ঠ। লাডাখ উপত্যকাত সেনাবাহিনীৰ সঞ্চালন ব্যাপক। ভাৰতীয় সেনাৰ উত্তৰ প্ৰান্তৰ মুখ্য কার্যালয়ো আছে লেহত। অর্থাৎ অতি স্পৰ্শকাতৰ দেশৰ উত্তৰ দিশৰ ভাৰত-পাক আৰু ভাৰত-চীন সীমান্তৰ সেনাৰ সকলো দিশ পৰিচালিত হয় লাডাখৰ বক্ষৰেই। কেন্দ্রীয় শাসিত অঞ্চলৰ মৰ্যাদা পোৱাৰ পিছত নির্মাণকার্যও দ্রুতগতিত বৃদ্ধি পাইছে লাডাখত।
আপাতঃ দৃষ্টিত ষষ্ঠ অনুসূচীৰ অন্তৰ্গত লাডাখৰ ভূমি বহিৰাগতই ক্ৰয় কৰিব নোৱাৰে ঠিকেই, কিন্তু স্থানীয় বাসিন্দাৰ দৰিদ্ৰতা আৰু সৰলতাৰ সুযোগ লোৱাত অকণো ত্রুটি কৰা নাই বহিৰাগত বণিক সন্থাই। ইয়াৰ মাজতে দুদিন পূর্বে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ ঘোষণা- প্রশাসনিক সুবিধাৰ বাবে লাডাখৰ জিলাৰ সংখ্যা বৰ্তমানৰ ২খনৰ পৰা বৃদ্ধি কৰা হ'ল ৭ খনলৈ। পূবৰ কার্গিল আৰু লেহৰ লগতে নতুনকৈ জিলাৰ মৰ্যাদা পালে জানস্কাৰ, দ্রাছ, ছাম, নুব্রা আৰু চাংথাঙে। স্বাভাৱিকতে লাডাখত এতিয়া সকলো দিশবে সঞ্চালন বৃদ্ধি হ'ব দ্রুতগতিত। কাজেই শংকা- লাডাখ লাডাখ হৈ থাকিবনে?
উন্নয়ন এক স্বাভাৱিক প্রক্রিয়া, এয়া হ'বই লাগিব- কিন্তু আজিৰ প্ৰেক্ষাপটত উন্নয়নৰ সৈতে প্রাকৃতিৰ ভাৰসাম্য ৰক্ষাৰ দিশটোহে হৈছে অতি গুৰুত্বপূর্ণ। প্ৰকৃতিৰ খং নুঠোৱাকৈহে সকলোবোৰৰ প্রয়োজন, নতুবা ভৱিষ্যৎ ভয়াৱহ। সেয়া ক'তো নহওক, লাডাখতো আৰু শ শ বছৰীয়া গছ কাটি ঘাইপথ আৰু অভাৰব্রীজ নিৰ্মাণ কৰি থকা অসম তথা গুৱাহাটীতো।