বিহালীত চাঞ্চল্যকৰ হত্যাকাণ্ড...

ei muhurtar khabar
ei muhurtar khabar
Published on
Updated on

ডিজিটেল সংবাদ, বিহালীঃ বিহালীত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। বিহালী সমষ্টিৰ বুৰৈ ঘাটৰ ননকে বিহমাৰীত শনিবাৰে নিশা দুৰ্বৃত্তই এজন লোকক নিজ ঘৰৰ ভিতৰতে নৃশংস ভাৱে হত্যা কৰে। মৃতকৰ দেহত আঘাটৰ চিহ্ন স্পষ্ট থকাৰ ওপৰিও তেজেৰে লুতুৰি পুতুৰি হৈ মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে।

জানিব পৰা মতে অকলশৰে থকা শান্তিলাল শ্ৰেষ্ঠ নামৰ লোকজনক নিশা কোনো দুৰ্বুত্তই নিজ গৃহৰ ভিতৰতে হত্যা কৰি পেলাই থৈ যায়। অতি সহজ সৰল তথা দিন হাজিৰা কৰি খোৱা শান্তিলালক কোনে কি কাৰণত হত্যা কৰিলে তাকে লৈ আচৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইতিমধ্যে ঘটনাস্থলীত বিহালী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

ei muhurtar khabar
গুৱাহাটী কমাৰ্চ কলেজত ২০২৩-২৪ বৰ্ষৰ সঁফুৰা বৃত্তি প্ৰদান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in