শুই থকা অৱস্থাত জলসম্পদ বিভাগৰ কৰ্মচাৰীক হত্যা দুৰ্বৃত্তৰ

শুই থকা অৱস্থাত জলসম্পদ বিভাগৰ কৰ্মচাৰীক হত্যা দুৰ্বৃত্তৰ
Published on
Updated on

ডিজিটেল সংবাদ, চাবুৱা: চাবুৱাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। সোমবাৰে নিশা প্ৰায় ডেৰ মান বজাত চাবুৱাৰ জেৰাই গাঁৱৰ  নিবাসী মাধুৰ্য বৰুৱাক চাৰিজনীয়া দুৰ্বৃত্ত‌ই অতি নিৰ্মমভাৱে  ঘৰৰ ভিতৰতে হত্যা কৰে। জানিব পৰামতে দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হোৱা মাধুৰ্য বৰুৱা এজন জলসম্পদ বিভাগৰ কৰ্মচাৰী আছিল।

উল্লেখযোগ্য যে ঘৰত শুই থকা অৱস্থাতে কোনো অচিনাক্ত দুৰ্বৃত্ত‌ই মাধুৰ্যক শুৱাপাটিৰ পৰা জগাই চোকা অস্ত্ৰ আৰু মাটি সমান কৰা ধুমুচেৰে মুৰত আঘাত কৰি অতি নিৰ্মমভাৱে হত্যা কৰে বুলি স্থানীয় লোকে জনায় । ডিব্ৰুগড়স্থিত জল সম্পদ বিভাগৰ মাণ্ডলিক কাৰ্যালয়ৰ অধীনস্থ এগৰাকী কৰ্মচাৰী আছিল।

ইতিমধ্যে নিশাই চাবুৱা আৰক্ষী উপস্থিত হৈছে যদিও পুৱা ৭বজাত দণ্ডাধীশ উপস্থিত হয়। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত এইপৰ্যন্ত কোনো ধৰণৰ তথ্য পোহৰলৈ অহা নাই। ঘটনাস্থলীলৈ বিশেষ তদন্তকাৰী দল আহি সকলো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰিছে ।

এই হত্যাকাণ্ডক লৈ সমগ্ৰ চাবুৱাৰ লগতে জেৰাই গাঁৱৰ স্থানীয় লোকৰ‌ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে । ৰাইজে মৃতদেহ উঠাই নিয়াৰ বিৰোধিতা কৰিছে। ল্থানীয় ৰাইজে উচ্চস্তৰীয় দল আহি ঘটনাস্থলী পৰীক্ষা কৰাৰ দাবী জনাইছে ।

শুই থকা অৱস্থাত জলসম্পদ বিভাগৰ কৰ্মচাৰীক হত্যা দুৰ্বৃত্তৰ
সাৱধান: ভাৰতত প্ৰথমজন মাংকিপক্স ৰোগী চিনাক্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in