হাজোত নৃশংস হত্যাকাণ্ডঃ ৩পুত্ৰ-পিতৃয়ে মিলি হত্যা কৰিলে এজনক

হাজোত নৃশংস হত্যাকাণ্ডঃ ৩পুত্ৰ-পিতৃয়ে মিলি হত্যা কৰিলে এজনক
Published on
Updated on
  • হাজোৰ বৰম্বৈত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড।

  • তিনি পুত্ৰ আৰু পিতৃয়ে মিলি হত্যা কৰিলে এগৰাকী লোকক।

  • ব্যৱসায়ীৰ‌ পৰা সামগ্ৰী লোৱা-নোলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল বিতৰ্কৰ।

  • সাধাৰণ বিতৰ্কক কেন্দ্ৰ কৰি পিছলৈ মাৰপিটত লিপ্ত হৈ ব্যৱসায়ীৰ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱালে এগৰাকী লোকে

  • ব্যৱসায়ী প্ৰৱন আলী আৰু তিনি পুত্ৰ ক্ৰমে আফজাল আলী, তফজ্জুল আলী আৰু ফকৰুদ্দিন আহমেদে মিলি গ্ৰাহক চিৰাজুল্লা আলীক উপৰ্যুপৰি মাৰধৰ‌ কৰে।

  • গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চিৰাজুল্লা আলীক হাজো স্বাস্থ্যকেন্দ্রত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে নাৰায়না হস্পিতাললৈ প্ৰেৰণ কৰা হয়।

  • অৱশেষত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় চিৰাজুল্লা আলীৰ।

  • দেওবাৰে সংঘটিত হোৱা ঘটনাৰ উচিত তদন্ত বিচাৰি নিশা পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

  • উক্ত এজাহাৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে তদন্ত প্রক্রিয়া আৰম্ভ কৰিছে।

হাজোত নৃশংস হত্যাকাণ্ডঃ ৩পুত্ৰ-পিতৃয়ে মিলি হত্যা কৰিলে এজনক
নতুন আইনৰ সন্দৰ্ভত লামডিং আৰক্ষী-ৰে'ল আৰক্ষীৰ সজাগতামূলক সভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in