মুছলমান মহিলা সকলৰ বাবে উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য…

মুছলমান মহিলা সকলৰ বাবে উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য…

author-image
asomiyapratidin
New Update
ইছলাম অনুসৰি ৰাজহুৱা স্থানত মাত মতাৰ অধিকাৰ নাই মহিলাৰ, তেন্তে প্ৰতিবাদ কিয় কৰিছে- খান

ডিজিটেল ডেস্ক:  এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ খণ্ডপীঠে সোমবাৰে মুছলমান মহিলা সকলৰ অধিকাৰক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শুনানিত ন্যায়ালয়ে কয় যে বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাসকলে ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ (চিআৰপিচি) ধাৰা ১২৫ৰ অধীনত তেওঁলোকৰ স্বামীৰ পৰা ভৰণপোষণ পাব পাৰে।

অৱশ্যে ন্যায়ালয়ে এয়া স্পষ্ট কৰি দিয়ে যে বিবাহ বিচ্ছেদ হোৱা মহিলাই তেতিয়ালৈকেহে এই সুবিধা লাভ কৰিব যেতিয়ালৈকে দ্বিতীয় বিবাহ নহয়।ন্যায়ামূৰ্তি কাৰুনেশ সিং পাৱাৰৰ বিচাৰপীঠে আবেদনকাৰী ৰাজিয়াৰ দ্বাৰা দাখিল কৰা অপৰাধমূলক সংশোধন আৱেদনৰ ওপৰত এই শুনানি গ্ৰহণ কৰে।২০০৮ চনত দাখিল কৰা পুনৰীক্ষণ আৱেদনখনে প্ৰতাপগড়ৰ এখন সত্ৰ আদালতৰ আদেশক প্ৰত্যাহ্বান জনাইছিল।

আৰু পঢ়ক: দেশৰ নতুন সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে…

alimony allahabad high court muslim women