ম্যানমাৰত নগা বিদ্ৰোহী এন এছ চি এন আই এম আৰু কুকি নেচনেল আৰ্মিৰ মাজত ভয়ংকৰ সংঘৰ্ষ...

ম্যানমাৰত নগা বিদ্ৰোহী এন এছ চি এন আই এম  আৰু কুকি নেচনেল আৰ্মিৰ মাজত ভয়ংকৰ সংঘৰ্ষ...
Published on
Updated on

ডিজিটেল সংবাদ বেকাজানঃ ম্যানমাৰ থকা কুকি নেচনেল আৰ্মিয়ে কালি নগা বিদ্ৰোহী সংগঠন এন এছ চি এন মুইভা পন্থী কেপ্তেইন গুলীয়াই নিহত কৰাৰ পিছত আজি এন এছ চি এনৰ আই এমৰ প্ৰতি আক্ৰমণ কৰাত ৪ গৰাকী কুকি বিদ্ৰোহী নিহত হোৱাৰ লগতে কেইবাজনো আহত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত খবৰ অনুসৰি আজি ম্যানমাৰত এন এছ চি এন-আই এমৰ তেওঁলোকৰ নেতাৰ হত্যাৰ প্ৰতিশোধ লবলৈ কৰা ভয়ংকৰ আক্ৰমণত কে এন এ-বিৰ চাৰিজন সদস্য নিহত হয়। বৰ্তমান কে এন এ-বিৰ শিবিৰক নগা বিদ্ৰোহী সংগঠন এন এছ চি এন-আই এমৰ ঘেৰি ৰাখিছে ।

যাৰ ফলত কুকি নেচনেল আৰ্মি চৰম অস্তিত্বৰ সম্মুখীন হোৱা বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে কালিনগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই-এম)ৰ এগৰাকী স্বয়ম্ভু অধিনায়কে কালি সীমান্তৰ পাৰ হৈ মণিপুৰত প্ৰবেশ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে মণিপুৰী উগ্ৰপন্থী কুকি নেচনেল আৰ্মিৰ হাতত নিহত হয়।

জানিব পৰামতে স্বয়ম্ভূ কেপ্তেইন আৰ এছ উইনছনৰ নেতৃত্বত এন এছ চি এনৰ এটা দলে মণিপুৰৰ টেংগনৌপাল জিলাৰ মাচি ব্লকৰ অন্তৰ্গত পেনজাং গাঁৱৰ সমীপৰ আংগো চিঙত ম্যানমাৰৰ পৰা অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা চলাওঁতে কে এন এ (বি) উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষ হয়।

সূত্ৰ অনুসৰি সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰা কেএনএ (বি) উগ্ৰপন্থীসকলে গৈ থকা অৱস্থাত এনএছচিএন (আই-এম)ৰ কেডাৰৰ সৈতে মুখামুখি হয়। ফলত দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয়। এই ঘটনাৰ পিছতে অঞ্চলটোৰ চাৰিওফালে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। 

ম্যানমাৰত নগা বিদ্ৰোহী এন এছ চি এন আই এম  আৰু কুকি নেচনেল আৰ্মিৰ মাজত ভয়ংকৰ সংঘৰ্ষ...
বিজ্ঞাপনৰ পৰা ভাৰতৰ কোনে আটাইতকৈ বেছি টকা উপাৰ্জন কৰে, জানেনে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in