ডিজিটেল সংবাদ বেকাজানঃ ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচন (ইএনপিঅ’)ৰ দাবীৰ প্ৰতি সঁহাৰি জনাই পূব নাগালেণ্ড চৰকাৰে ৬খন জিলাৰ বাবে ফ্ৰন্টিয়াৰ নাগালেণ্ড টেৰিটৰী অথৰিটি (এফএনটিএ) স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। মুখ্যতঃ স্বায়ত্ত শাসন প্ৰদান কৰা লক্ষ্যৰে নাগালেণ্ড চৰকাৰৰ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
জানিব পৰামতে এই এফ এন টি এৰ স্বায়ত্তশাসিত ক্ষমতা থাকিব আৰু ই এন পি অ’ৰ দ্বাৰা পৰিচালিত হ’ব। ফ্ৰন্টিয়াৰ নাগালেণ্ড টেৰিটৰী অথৰিটিয়ে অঞ্চলটোৰ সাতটা জনজাতিক প্ৰতিনিধিত্ব কৰিব।
৪৯টা সমষ্টিৰ সৈতে এই কৰ্তৃপক্ষৰ কাৰ্যকৰীতা মূল্যায়নৰ বাবে ১০ বছৰৰ পিছত পুনৰীক্ষণ কৰা হ’ব। উল্লেখযোগ্য যে ফ্ৰন্টিয়াৰ নাগালেণ্ড টেৰিটৰী অথৰিটি এই প্ৰস্তাৱৰ লক্ষ্য হৈছে অৰ্থনৈতিকভাৱে পিছপৰা বুলি গণ্য কৰা পূব নাগালেণ্ডৰ স্বায়ত্তশাসনৰ দীৰ্ঘদিনীয়া দাবীসমূহ সমাধান কৰা।
বুধবাৰে অনুষ্ঠিত নাগালেণ্ড চৰকাৰৰ কেবিনেটে বৈঠকত ৰাজ্য চৰকাৰে বিষয়টো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ সাজু বুলি কয়। বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়। পিছত সংবাদ মাধ্যমৰ আগত নাগালেণ্ডৰ শক্তি আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ কে জি কেনিয়ে কয় যে মন্ত্ৰীসভাত ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচন (ইএনপিঅ’) আৰু ইষ্টাৰ্ণ নাগালেণ্ড লেজিছলেটৰছ ইউনিয়ন (ইএনএলইউ)ৰ দীৰ্ঘদিনীয়া দাবীকে ধৰি কেইবাটাও জৰুৰী বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে।
তেওঁ উল্লেখ কৰে যে বিভিন্ন বিভাগৰ মন্ত্ৰী আৰু সদস্যসকলে অংশগ্ৰহণ কৰা এই বৈঠকত এনপিঅ’ৰ উদ্বেগসমূহৰ সমাধানৰ ওপৰত আলোচনা কৰা হৈছিল । তেওঁ কয় যে ইএনপিঅ’ৰ স্বাৰ্থক আগুৱাই নিয়াৰ বাবে নাগালেণ্ড চৰকাৰৰ দায়বদ্ধ।
প্ৰস্তাৱিত ফ্ৰন্টিয়াৰ নাগালেণ্ড টেৰিটৰী (এফএনটি)ৰ নামকৰণৰ নামকৰণ ফ্ৰন্টিয়াৰ নাগালেণ্ড টেৰিটৰিয়েল অথৰিটি (এফএনটিএ)লৈ সলনি কৰা হৈছে নেকি বুলি সোধাত স্পষ্ট কৰি দিয়ে যে এফএনটিএ ইতিমধ্যে মূল খচৰাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ৰাজ্য চৰকাৰে কেৱল ইয়াৰ উল্লেখহে কৰিছে। নিষ্পত্তি স্মাৰকপত্ৰৰ খচৰা অনুসৰি প্ৰস্তাৱিত প্ৰশাসনিক ব্যৱস্থাটোক এফএনটিএ নামেৰে জনা যাব।
তেওঁ কয় যে এন এল ইউয়ে শেহতীয়াকৈ আভ্যন্তৰীণ আলোচনা সমাপ্ত কৰিছে। তেওঁলোকৰ সমন্বিত প্ৰস্তাৱসমূহ ৰাজ্যিক মন্ত্ৰীসভাৰ সন্মুখত দাখিল কৰিছে। কেবিনেটৰ অনুমোদনৰ পিছত অচিৰেই কেন্দ্ৰীয় চৰকাৰৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব ।
Also Read: ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণী অনুষ্ঠান