NIRF ৰেংকিঙত সৰ্বভাৰতীয় মহাবিদ্যালয় শাখাত স্থান লাভ নগাঁও মহাবিদ্যালয়ৰ

NIRF ৰেংকিঙত সৰ্বভাৰতীয় মহাবিদ্যালয় শাখাত স্থান লাভ নগাঁও মহাবিদ্যালয়ৰ
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও: সদ্যঘোষিত ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং কাঠামোৰ (এন আই আৰ এফ) তালিকাত নগাঁও কলেজ (অট’নমাচ) য়ে স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। উল্লেখ্য যে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং কাঠামোৰ অধীনৰ ‘সামগ্ৰিক মহাবিদ্যালয়’ শাখাত নগাঁও কলেজে ভাৰতৰ মহাবিদ্যালয়ৰ ভিতৰত (NIRF-BAND-201-300) স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

এই সাফল্য কেৱল নগাঁও কলেজৰ বাবেই নহয়, ই অসমৰ বাবেও উল্লেখযোগ্য যিহেতু নগাঁও মহাবিদ্যালয় ২০২৪ বৰ্ষৰ এন আই আৰ এফ ত স্থান লাভ কৰা অসমৰ একমাত্ৰ মহাবিদ্যালয়। ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং কাঠামোত স্থান লাভৰ তালিকা প্ৰতিবছৰে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা একোখন মহাবিদ্যালয়ৰ শিক্ষণ, শিকন, সম্পদ, গৱেষণা আৰু পেছাদাৰী পদ্ধতি, স্নাতক ডিগ্ৰীৰ ফলাফল, প্ৰসাৰ আৰু অন্তৰ্ভুক্তি আদি ধাৰণাকে ধৰি বিভিন্ন পৰিমাপৰ ভিত্তিত প্ৰতিষ্ঠানসমূহৰ মূল্যায়ন কৰা হয়।

নগাঁও মহাবিদ্যালয়েও মূল্যায়নৰ এই মাপকাঠিসমূহৰ জৰিয়তে গুণগত শিক্ষা আৰু উৎকৃষ্ট শৈক্ষিক পৰিৱেশ গঢ়ি তুলি স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৪৪ চনত স্থাপিত নগাঁও মহাবিদ্যালয়ে দীৰ্ঘদিন ধৰি অসমৰ শৈক্ষিক ক্ষেত্ৰত অৱদান আগবঢ়াই আহিছে। নগাঁও মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ ৰণ্জিৎ কুমাৰ মজিন্দাৰে মহাবিদ্যালয়ৰ সাফল্যত উৎফুল্লিত হৈ এই সাফল্য নগাঁও মহাবিদ্যালয় আৰু সমগ্ৰ অসমৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলি উল্লেখ কৰে।

এন আই আৰ এফত নগাঁও মহাবিদ্যালয়ৰ অন্তৰ্ভুক্তি নগাঁও মহাবিদ্যালয়ৰ কঠোৰ পৰিশ্ৰম, কৰ্মোদ্যম,অধ্যাপক-অধ্যাপিকা,অনাশিক্ষক কৰ্মচাৰী,ছাত্ৰ-ছাত্ৰী তথা শুভাকাংক্ষীৰ আৱেগ তথা স্পৃহাৰ প্ৰতিফলন বুলি মন্তব্য কৰে। ড০ মজিন্দাৰে নগাঁও মহাবিদ্যালয়ৰ এই সাফল্যৰ বাবে গৌৰৱান্বিত আৰু সাফল্যৰ ধাৰা বৰ্তাই ৰাখিবলৈ সদাপ্ৰস্তুত বুলি মন্তব্য কৰে।

এন আই আৰ এফৰ পৰা পোৱা স্বীকৃতিয়ে নগাঁও মহাবিদ্যালয়ৰ সুনাম বৃদ্ধি কৰাই নহয় অঞ্চলটোৰ অন্যান্য শিক্ষানুষ্ঠানসমূহৰ বাবেও এক নজিৰ গঢ়ি তোলাৰ লগতে গুণগত মানৰ জৰিয়তে কেনেকৈ শিক্ষানুষ্ঠানে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিব পাৰে সেইক্ষেত্ৰত এক প্ৰেৰণা প্ৰদান কৰিছে বুলি নগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই মন্তব্য কৰে।

নগাঁও কলেজ (অট’নমাচ) ৰ এন আই আৰ এফ কোষৰ সমন্বয়ক ড০ টিকেন দাসে শৈক্ষিক কাৰ্যসূচী, আন্তঃগাঁথনি আৰু গৱেষণামূলক পদক্ষেপ বৃদ্ধি কৰি আগন্তুক দিনত এই স্বীকৃতি বৰ্তাই ৰখাৰ লগতে অধিক সফলতা লাভ কৰাৰ চেষ্টা কৰা হ’ব বুলি মত পোষণ কৰে।

NIRF ৰেংকিঙত সৰ্বভাৰতীয় মহাবিদ্যালয় শাখাত স্থান লাভ নগাঁও মহাবিদ্যালয়ৰ
অলিম্পিকত আমেৰিকাৰ হৈ স্বৰ্ণ পদক অৰ্জন ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰৰ পুত্ৰৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in