নগাঁও কলেজ (স্বায়ত্তশাসিত)ত ‘বৃক্ষৰোপণ আৰু প্ৰতিপালন’ কাৰ্যসূচীৰ শুভাৰম্ভ...

নগাঁও কলেজ (স্বায়ত্তশাসিত)ত ‘বৃক্ষৰোপণ আৰু প্ৰতিপালন’ কাৰ্যসূচীৰ শুভাৰম্ভ...
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও কলেজ (অট’নমাচ)ৰ শিক্ষাতত্ত্ব বিভাগৰ নেতৃত্বত আৰু আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সহযোগত এক বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছে। শিক্ষাতত্ত্ব বিভাগৰ বৰ্তমানৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এটি দলে ‘বৃক্ষৰোপণ আৰু প্ৰতিপালন’ শীৰ্ষক নিৰৱচ্ছিন্ন কাৰ্যসূচী নগাঁও জিলাৰ বৰঘাট বাইপাছৰ সমীপত শুভাৰম্ভণি কৰিছে। শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী ড০ প্ৰশান্ত খনিকৰে এই কাৰ্যসূচীৰ নেতৃত্ব গ্ৰহণ কৰিছে।

ছাত্ৰ-ছাত্ৰীৰ দলটোৱে পশু-পক্ষীৰ বাসস্থানৰ অভাৱ দূৰ কৰা আৰু গোলকীয় উষ্ণতা ৰোধ কৰাৰ উদ্দেশ্যেৰে এই বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে। শিক্ষাতত্ত্ব বিভাগৰ এই কাৰ্যসূচীক কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ ৰঞ্জিৎ কুমাৰ মজিন্দাৰে প্ৰশংসা কৰিছে। তেখেতে ছাত্ৰ-ছাত্ৰীসকলক বৃক্ষৰোপণ কৰাৰ ক্ষেত্ৰত সমাজত সজাগতা বৃদ্ধি কৰাৰ লগতে সকলোকে নিজৰ জন্মদিনত একোটাকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান কৰিছ।

শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী ড০ খনিকৰে বৃক্ষৰোপণৰ জৰিয়তে পৰিৱেশ সুৰক্ষিত কৰাৰ লগতে বন্যপ্ৰাণীৰ বাসস্থানৰ অভাৱো দূৰ কৰিব পৰা যাব বুলি ড০ খনিকৰে মন্তব্য কৰিছে। গছ-গছনিৰ অভাৱৰ বাবে বন্যপ্ৰাণীসমূহে খাদ্যৰ সংকটত ভোগাৰ লগতে বাসস্থানো হেৰুৱাইছে, এই বন্যপ্ৰাণীসমূহক সুৰক্ষিত কৰিবলৈও বৃক্ষৰোপণৰ যথেষ্ট গুৰুত্ব আহি পৰিছে বুলি তেখেতে মন্তব্য কৰে।

উল্লেখনীয়ভাৱে বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাতত্ত্ব বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে আম, কঁঠাল, কল আদি বৃক্ষ ৰোপণ কৰাৰ পোষকতা কৰিছে। এই কাৰ্যসূচীত শিক্ষাতত্ত্ব বিভাগৰ সমূহ অধ্যাপক-অধ্যাপিকাই সহযোগিতা আগবঢ়াইছে।

বিভাগৰ সহকাৰী অধ্যাপক দিবাকৰ বৰদলৈয়ে ৰোপণ কৰা বৃক্ষসমূহ প্ৰতিপালনৰ বাবে বিশেষ তত্ত্বাৱধান গ্ৰহণৰ কথা ব্যক্ত কৰিছে। আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াইও এনে পদক্ষেপৰ প্ৰশংসা কৰে আৰু সকলোকে গ্ৰীণ গাৰ্ডৰ সদস্যৰ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in