ডিজিটেল সংবাদ,বেবেজীয়াঃ সমাগত দেৱালী উপলক্ষে নগাঁও কলেজ (অট’নমাচ) ৰ এন এছ এছ গোট আৰু ছাত্র একতা সভাৰ উদ্যোগত এক সজাগতামূলক পদক্ষেপ। শিক্ষানুষ্ঠানখনৰ উদ্যোগত দেৱালী উৎসৱত ফটকা, আতচবাজীৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। যাৰ জৰিয়তে সকলোকে সেউজ দীপাৱলী উদযাপনৰ বাবে আহ্বান জনায়।
উল্লেখযোগ্য যে, মহাবিদ্যালয়খনে প্ৰতি বছৰে দেৱালীৰ প্ৰাকমুহূৰ্তত এনেধৰণৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। শনিবাৰে ছাত্ৰ-ছাত্ৰীসকলৰ মানৱ শৃংখল কাৰ্যসূচীত এন এছ এছ ৰ কাৰ্যসূচী বিষয়া ভুৱন চন্দ্ৰ চুতীয়াই ছাত্ৰ-ছাত্ৰী আৰু এন এছ এছৰ সদস্য সকলক ৰাসায়নিক পদাৰ্থ আৰু উচ্চ প্ৰাবল্যযুক্ত ফটকা, আতচবাজী নুফুটুৱাৰ শপত বাক্য পাঠ কৰায়।
চুতীয়াই মন্তব্য কৰে যে, নগাঁও কলেজৰ এন এছ এছ গোট আৰু ছাত্ৰ একতা সভাই প্ৰতি বছৰে দেৱালীৰ প্ৰাকমুহূৰ্তত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মানৱ শৃংখল তৈয়াৰ কৰি আহিছে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ যোগেদি বৃহত্তৰ সমাজলৈ ফটকা, আতচবাজীৰ বিৰুদ্ধে ধাৰাবাহিক সজাগতা সৃষ্টি কৰি আহিছে।
নগাঁও কলেজৰ ছাত্ৰ-একতা সভাৰ সাধাৰণ সম্পাদক অৰিন্দম নাৰায়ণ শৰ্মাই ফটকাৰ শব্দ আৰু ইয়াৰ পৰা ওলোৱা ধোঁৱাই ৰোগীসকলৰ লগতে সাধাৰণ জনসাধাৰণৰ শ্বাস-প্রশ্বাস, হাঁওফাঁও, হৃদপিণ্ড আদিত কুপ্ৰভাৱ পেলাব বুলি মন্তব্য কৰে। এই ক্ষেত্রত বিগত বৰ্ষসমূহত দেৱালীৰ পাৰ্শ্ব ক্ৰিয়া হিচাপে দিল্লীৰ প্ৰদূষণ আৰু জনসাধাৰণে জীয়াতু ভুগাৰ কথা উল্লেখ কৰি জনসাধাৰণক 'শব্দৰ উৎসৱ নহয়, পোহৰৰ উৎসৱহে উদযাপন কৰিবলৈ আহ্বান জনায়। সেই অনুসৰি মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে নগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে সেউজ দীপাৱলী উদযাপন কৰিবলৈ আহ্বান কৰিছোঁ বুলি মন্তব্য কৰে।
এন এছ এছৰ সহকাৰী কাৰ্যসূচী বিষয়া ড০ মানস জ্যোতি নিৰ্মলীয়াই নগাঁও কলেজে ধাৰাবাহিকভাৱে কৰি অহা সজাগতাই বৃহত্তৰ সমাজত সুপ্ৰভাৱ পেলাব বুলি মন্তব্য কৰে। সমাজৰ সকলো স্তৰৰ লোকক উদ্দেশ্য কৰি সেউজ উৎসৱ উদযাপন কৰিবলৈ অনুৰোধ জনায়।
নগাঁও কলেজৰ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক সুভম সিঙে ফটকা, আতচবাজীত হ’ব লগা অৰ্থ ব্যয় আমি ছাত্ৰ-ছাত্ৰীসকলে অন্য সামাজিক কামত ব্যৱহাৰ কৰিবলৈ সংকল্প লৈছোঁ বুলি মন্তব্য কৰে। এন. এছ. এছৰ স্বেচ্ছাসেৱিকা চয়নিকা বৰাই কলেজৰ এই মহান পদক্ষেপে আমাৰ পৰিৱেশ, জীৱ-বৈচিত্ৰ সংৰক্ষণ আৰু প্ৰদুষণ ৰোধ কৰাত এক সবল ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে।
কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে নগাঁও কলেজৰ এন এছ এছৰ সদস্য আৰু ছাত্ৰ একতা সভাৰ উদ্যোগত সেউজ দীপাৱলী উদযাপনৰ বাবে মানৱ শৃংখল কাৰ্যসূচীক ভূঁয়সী প্ৰশংসা কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ এই ইতিবাচক চিন্তাই সমাজৰ বাবে এক নজিৰ হৈ ৰ’ব বুলি মন্তব্য কৰে। এই কাৰ্যসূচীত কলেজৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা আৰু অনা শিক্ষক কৰ্মচাৰী সকলোৱে অংশগ্ৰহণ কৰে।